Breaking

অসমে হেৰুৱাব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সংৰক্ষিত আসন

0 83

নিউজ ডেস্কঃ নাগালেণ্ড বিশ্ববিদ্যালয়ত কৃষি স্নাতক পাঠ্যক্ৰমৰ বাবে সংৰক্ষিত এখন আসন অসমে হেৰুওৱাৰ পথত। অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই নাগালেণ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমৰ একমাত্ৰ আখন খনৰ পৰা বঞ্চিত হব অসমৰ ছাত্ৰ ছাত্ৰী।

ইতিমধ্যে বিশ্ববিদ্যালয় খনত নামভৰ্তিৰ সময়সীমা যোৱা ১৫ নবেম্বৰত উকলি গৈছে। উলেখ্য যে যোৱা ১৯ জুলাই তে নাগালেণ্ড বিশ্ববিদ্যালয়ে কৃষি সঞ্চালকালয়লৈ শিক্ষাৰ্থীৰ বাছনি তালিকা প্ৰেৰণ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু বিশ্ববিদ্যালয়খনে প্ৰেৰণ কৰা এনে পত্ৰৰ ভিত্তিত যাৱতীয় কোনো ব্যবস্থাই গ্ৰহণ নকৰিলে কৃষি সঞ্চালকে।ফলত নাগালেণ্ড বিশ্ববিদ্যালয়ে যোৱা ৯ নবেম্বৰত শেষবাৰৰ বাবে এখন স্মৰণ পত্ৰ কৃষি সঞ্চালকলৈ প্ৰেৰণ কৰে। পত্ৰ খনত বিশ্ববিদ্যালয় খনে স্পষ্ট কৰি দিয়ে যে কভিড ১৯ ৰ বাবে পাঠ্যক্ৰমত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাছনি তালিকা প্ৰেৰণৰ সময়সীমা ১৫ নবেম্বৰলৈ বৃদ্ধি কৰা হৈছে।যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত বাছনি তালিকা প্ৰেৰণ নকৰে তেন্তে অসমৰ বাবে সংৰক্ষিত আসন বাতিল কৰা হব।

ইয়াৰ পিছতে সম্ভিত ঘূৰি আহে কৃষি সঞ্চালক বিনোদ শেষানৰ। দীৰ্ঘদিন ধৰি বিষয়টোক গুৰুত্বহীনভাবে পেলাই থৈ অৱশেষত কৃষি সঞ্চালকে ১২ নবেম্বৰত নাগালেণ্ড বিশ্ববিদ্যালয়লৈ আবেদনৰ সময়সীমা দুসপ্তাহৰ বাবে বৃদ্ধি কৰাৰ আৰ্জিৰে পত্ৰ প্ৰেৰণ কৰে। আগ্ৰহী ছাত্ৰী ছাত্ৰীৰ বাবে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশকে ধৰি যাৱতীয় প্ৰক্ৰিয়াৰ বাবে সময়সীমা বৃদ্ধি কৰিবলৈ নাগালেণ্ড বিশ্ববিদ্যালয়ক আহ্বান জনায় কৃষি সঞ্চালকে। কিন্তু গুৰুত্বপূৰ্ন বিষয়টো হল যে যোৱা ১৫ নবেম্বৰতে নাগালেণ্ড বিশ্ববিদ্যালয়ে নামভৰ্তিৰ বাবে বান্ধি দিয়া সময়সীমা উকলি গৈছে।

এতিয়া কৃষি সঞ্চালকৰ পত্ৰৰ ভিত্তিত নাগালেণ্ড বিশ্ববিদ্যালয়ে অসমৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰেনে নকৰে সেয়া হব লক্ষ্যনীয়। যদি আবেদনৰ সময়সীমা বৃদ্ধি নকৰে তেন্তে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰ পৰা অসমৰ শিক্ষাৰ্থী বঞ্চিত হলে ইয়াৰ দায়িত্ব কোনে লব সেয়া এই মূহুৰ্ত ৰ ডাঙৰ প্ৰশ্ন।

Leave A Reply