Breaking

অসম আন্দোলনৰ কৰ্মী অমৃত গগৈৰ পৰলোক

0 2,021


নাজিৰাৰ সমীপবৰ্তী ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মেটেকা কুৰুলাকটীয়া গাঁও নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অমিত কুমাৰ গগৈৰ ৪ মে’ৰ পুৱা ৮-৩৫ বজাত শিৱসাগৰ চাওলুং চুকাফা চুপাৰ স্পিচিয়েলিটী চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে । চৌষষ্ঠী বছৰত উপনীত গগৈয়ে বিগত প্ৰায় এবছৰ ধৰি যকৃত আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ সাময়িকভাৱে  চিকিৎসাধীন হৈ  আহিছিল । শেহতীয়াকৈ পোনৰ শাৰীৰিক জটিলতাত ভোগাৰ বাবে ৪ মেৰ পুৱা চিকিৎসালয়লৈ নিয়া হৈছিল । অতি সৰল জীৱন ধাৰণৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ উন্নয়নৰ সৈতে জড়িত হৈ ৰোৱা গগৈৰ মৃত্যুত সমগ্ৰ মেটেকা অঞ্চলতে শোকৰ ছাঁ পৰিছে ।  এই সংসাৰত তেওঁ বৃদ্ধা মাতৃৰ লগতে পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে । 

Attachments area

Leave A Reply