Assam Nagaland border: অসম নগালেণ্ড সীমান্তৰ চুঙাজানৰ টেঙাতল গাঁৱত নগা দুবৃৰ্ত্তৰ গুলি বৰ্ষণ, ৯৩ ঘৰত অগ্নি সংযোগ…

অসম নগালেণ্ড সীমান্তৰ চুঙাজান (Assam Nagaland border) থানাৰ অন্তগত এম ভি (মিকিৰ ভিলেইজ) ‘ বি’ চেক্টৰৰ ঔগুৰি টেঙাতলত বৃহস্পতিবাৰে নিশা কাষৰীয়া অচিনাক্ত দূৰ্বিত্তই অসমৰ মাটিত বসবাস কৰি থকা ৯৩ টা গৃহত অংগ্নি সংযোগ কৰা ফলত নিমিষতে জ্বলি ভষ্মিভূত হৈ যায় প্ৰতিটো বাসগৃহ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নিশা প্ৰায় ১১-৩০ মান বজাত কেইবা শ অচিনাক্ত দুবৃৰ্ত্তই বন্দুক, পেট্ৰ’ল বোমা লৈ টেঙাতল গাঁৱত প্ৰৱেশ কৰি প্ৰথমে গুলি বৰ্ষণ কৰে ৷ গুলিৰ শব্দ শুনি শুই থকা লোকসকলকে ঘৰৰ সকলো সামগ্ৰী এৰি বাহিৰলৈ পলাই প্ৰাণ কৰিবলৈ সক্ষম হয় ৷ অন্যহাতে দুবৃৰ্ত্তৰ দলটোৱৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰি গাঁও খনত থকা ১০৬ ঘৰ লোকৰ ভিতৰত ৯৩ ঘৰত অগ্নি সংযোগ কৰে ৷

অংগ্নি সংযোগ কৰা ফলত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও গোহালিত বান্ধি থোৱা বহুকেইটা গৰু, এখন বলেৰ গাড়ী, প্ৰায় শতাধিক চাইকেল, মটৰ চাইকেল জুইত জাহ যায় ৷ টেঙাতল গাঁৱত নিশা দুবৃৰ্ত্তৰ দলটোৱে অগ্নিসংযোগ কৰা খৱৰ নিৰপেক্ষ বাহীনি চি আৰ পি এফ বাহিনীক খৱৰ দিয়ে যদিও চি আৰ পি এফ বাহীনিক টেঙাতল জালাল বস্তি গাৱলৈ প্ৰৱেশ কৰা মূল পথটো বহু সংখ্যক নগা পুৰুষ মহিলাই বাধা প্ৰদান কৰে যাৰ ফলত অধিক সংখ্যক লোকৰ ঘৰত অগ্নিসংযোগক কৰিব পাৰিলে বুলি স্হানীয় লোকে চি আৰ পি এফ বাহিনীৰ বিৰুদ্ধে অভিযোগ কৰিছে ৷ অন্যহাতে টেঙাতল গাঁৱত দুবৃৰ্ত্তই অগ্নিসংযো কৰা খবৰ পাই ততাতৈয়াকৈ চি আৰ পি এফ এটা দল গাঁৱলৈ আহিছিলি কিন্তু গাঁৱৰ মূল পথছোৱা নগা লোকে বন্ধ কৰি দিয়াৰ ফলত আহিব পৰা নাছিল ৷ কিন্তু পিচলৈ চি আৰ পি এফৰ বৃহৎ বাহিনী উপস্থিত হোৱাত বাধা দিয়া লোক সকলৰ লাঠিচাৰ্জ কৰিবলৈ বাধ্য হ’ব বুলি কোৱাত পথ আৱদ্ধ কৰা লোক সকলে পথ এৰি দিয়ে বুলি চি আৰ পি এফে জানিবলৈ দিয়ে ৷ নিশা টেঙাতল গাঁৱত ৯৩ ঘৰ জুইত জাহ যোৱা খবৰ পাই পুৱা গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত , গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , সীমান্ত দণ্ডাদীশ প্ৰীয়ম জ্যোতি ফুকন , নগালেণ্ডনিউলেণ্ড জিলাৰ আৰক্ষী- প্ৰশাসনৰ উচ্চপদস্হ বিষয়াসকল টেঙাতল গাৱত উপস্হিত এক আলোচনাত মিলিত হয় ৷

আলোচনাত অসম আৰু নগালেণ্ড প্ৰশাসনে সুকীয়া সুকীয়া কৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ৷ অন্যহাতে অসম প্ৰশাসনে গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক , সৰুপথাৰ সমজিলা প্ৰশাসনক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে ৷ টেঙাতল গাঁৱত অগ্নি সংযোগ ঘটনাত সৰুপথাৰত দল সংগঠন প্ৰতিক্ৰিয়া –
কিছুদিন পূৰ্বে ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলি থকাৰ সময়তে উৰিয়ামঘাটলৈ আহিছিল নাগালেণ্ডৰ উপ-মুখ্যমন্ত্রী বাই পেটনে। উচ্ছেদৰ সম্পৰ্কত আলোচনাত বহিছিল অসমৰ বনমন্ত্ৰীগৰাকীৰ সৈতে । আলোচনাৰ শেষত নগালেণ্ডলৈ ৰাওনা হৈয়ে সীমান্তৰ দাঁতি-কাষৰীয়া টেঙাতল গাঁওৱৰ নিচেই কাষতে থকা আঘুনাগা অঞ্চলত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰিছিল উপ-মুখ্যমন্ত্রী বাই পেটনে। নগালেণ্ডৰ বিভিন্ন বিভাগৰ চেয়াৰমেন, কেইবাজনো বিধায়ক, উচ্চপৰ্যায়ৰ আৰক্ষী বিষয়া, জিলা আয়ুক্ত, গাঁওবুঢ়া, বিভিন্ন দল-সংগঠনৰ নেতাৰ সৈতে আলোচনাত বহিছিল মন্ত্রীজন। আঘোনাগাত অনুষ্ঠিত সভাত মন্ত্রীজনে উপস্থিত সকলোৰে আগত কিছু উচটনিমূলক মন্তব্য আগবঢ়োৱা দেখা গৈছিল এটা ভাইৰেল হোৱা এটা ভিডিঅ’ত। নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ বক্তব্যৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ কিছু দিন পিছতেই এতিয়া অশান্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত অঞ্চল ।সীমান্ত অঞ্চল অশান্ত হোৱাৰ মূল জগৰীয়া নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী গৰাকী বুলি বিভিন্ন দল সংগঠনে দাবী কৰিছে ।

উক্ত আমানৱীয় ঘটনা সংঘটিত হোৱাৰ পাছতে সৰুপথাৰ বিভিন্ন দল সংগঠনে অসম নাগালেণ্ড পুৰণি সীমা সমস্যা শীঘ্ৰে সমাধান কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । সীমা সমস্যা সমাধান, আৰু উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

Related Articles