Breaking

৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মিত্ৰজোটৰ নীতিক ধোৱাচাঙত তুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিজা নিজা প্ৰাৰ্থী

0 2,068

অসম জাতীয় পৰিষদৰ আৰু ৰাইজৰ দল এই দুটি ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছিল প্ৰৱল আঞ্চলিকতাবাদি শক্তিৰে চৰকাৰ গঠনৰ বাবে ।সকলো ৰাষ্ট্ৰীয় দলক নিলগাই থৈ সকলো আঞ্চলিক শক্তিক একগোট হৈ যুঁজাৰ আহ্বান জনাইছিল যদিও তেওঁলোক সফলতাৰ দিশত আৱশ্যকীয় গতিত আগবাঢ়িব পৰা নাই। ইয়াৰ বিপৰীতে বৰ্তমানেও বিভিন্ন খেলিমেলিয়েহে লগ দিছে তেওঁলোকক । দিন যোৱাৰ লগে লগে এটা কথা সুস্পষ্ট হৈ পৰিছে যে দল দুটিয়ে নিজে কিছু আসন দখলৰ সক্ষমতা আহৰণ কৰিলেও আঞ্চলিকতাবাদী চৰকাৰ গঠনৰ ক্ষেত্ৰত নেতৃত্ব ল’ব পৰা নাই। উল্লেখযোগ্য যে প্ৰথমে ৰাইজৰ দলৰ পৰা স্থানীয় সমাজ কৰ্মী তথা ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত তথা প্ৰতিবাদী নেতা বুলি পৰিচিত হৰেশ্বৰ বৰ্মণৰ প্ৰাৰ্থীত্ব ঘোষণা কৰা হৈছিল ,কিন্তু ইয়াৰ পিছতে দেওবাৰে সন্ধিয়া সকলোকে আচৰিত কৰি ডঃ বাবুল চহৰীয়াক অসম জাতিয় পৰিষদৰ তৰফৰ পৰা ৰঙিয়াত প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়,এই ঘটনাই ৰঙিয়াৰ ৰাইজৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৰঙিয়াত মহাজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই  ৰাইজক আহ্বান জনাই যেএতিয়া ৰাইজে নিজৰ চিন্তা নিজে কৰিব লাগিব। এইবাৰৰ নিৰ্বাচনত CAA সমৰ্থিত শক্তিক পৰাভূত কৰাটোৱেই আমাৰ কাম ।  CAA সমৰ্থিত শক্তিক খেদি অসমক ত্ৰিপুৰা হোৱাৰ পৰা উদ্ধাৰ কৰি উঠি আমি পূৰ্ণ উদ্যমেৰে অসম গঢ়াত নামি পৰিব পাৰিম । আমাৰ কাগজ কল, আমাৰ বিমান বন্দৰ, আমাৰ ৰাজ্যৰ বিশেষ মৰ্য্যদা, অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ কাম আদিৰ উদ্ধাৰ কৰিব পাৰিম ।গতিকে ৰাইজ, সকলো ওলাই আহি , CAA বিৰোধী শক্তিক ভোট দি জয়যুক্ত কৰা আৰু অসমক বচোৱাৰ আহ্বান জনাই । ইয়াৰোপৰী সবল স্থিতিত থকা মন্ত্ৰী ভবেশ কলিতাই প্ৰাৰ্থীত্ব পোৱাৰ পিছতেই দীপ্তেশ্বৰী দেৱালয়ত আশিষ গ্ৰহণ কৰি   এই নিৰ্বাচন ধৰ্মযুদ্ধ বুলি কৈ আৱেগিক ভাষণ প্ৰদান কৰাৰ ওপৰিও প্ৰায় ১লাখ ভোটত জয় লাভ কৰিব বুলি জনাই । আনহাতে ৰঙিয়া জিলা দাবী সমিটিৰ কাৰ্যকৰী সভাপতি সমাজকৰ্মী তথা আমাৰ ৰঙিয়া আমাৰ গৌৰৱ গ্ৰুপৰ সৃষ্টিৰে জনপ্ৰিয়তা অৰ্জন কৰা জয়ন্ত কুমাৰ কলিতাও নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰাৰ্থীত্ব আগবঢ়াইছে । আটাইকেইজন প্ৰাৰ্থীয়েই যোগ্যতাৰ দিশেৰে সক্ষম যদিও মূল যুঁজখন মহাজোঁটৰ ডাঃ ভগৱান দেৱ মিশ্ৰ আৰু বিজেপিৰ ভবেশ কলিতাৰ মাজতেই হʼব বুলি কব পাৰি ।

Leave A Reply