Breaking

৬ মাৰ্চৰ পৰা দুদিনীয়াকৈ হাউলীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

0 2,035

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন খন অহা ৬ আৰু ৭ মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলী জুনিয়ৰ কলেজ প্ৰাংগনত  অনুষ্ঠিত হব ৷ কাৰ্যসূচী অনুসৰি ৬ মাৰ্চ ৰাতিপুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কনক হাজৰিকাই,ৰাতিপুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পন, পুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰিব অসম বন আৰু পৰিৱেশ ব্ৰেণ্ড এম্বেচেদাদৰ আনন্দ খাটনিয়াৰে,পুৱা ১০-৩০ বজাত অধিৱেশনৰ মুখ্য তোৰণ মুকলি কৰিব মা-পৰাণ ফাউণ্ডেচনৰ সভাপতি ছিকান্দৰ আলী আহমেদে,ৰাতিপুৱা ১১ বজাত প্ৰতিনিধি শিৱিৰ মুকলি কৰিব পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপদেষ্টা প্ৰসান্ত বায়নে,দিনৰ ১২ বজাত প্ৰতিনিধি পঞ্জয়ন,দিনৰ ২-৩০ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হব ৷ দ্বিতীয় দিন অৰ্থাৎ ৭ মাৰ্চ ৰাতিপুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা উদ্ধোধন কৰিব অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰা প্ৰসাদ দাসে,আবেলি দিনৰ ২ বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কনক হাজৰিকাৰ পৌৰোহিত্য স্মৃতিগ্ৰন্থ উন্মোচনী আৰু মুকলি সভা অনুষ্ঠিত হব ৷ সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে,উক্ত সভাত অসমৰ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ভূঞা, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, ভুমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ মুখ্য উপদেষ্টা কাজী নেকিব আহমেদ,হাউলী বি.এইচ কলেজৰ অৱসপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল কলিতা সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াব ৷ অধিৱেশনৰ দুয়ো দিনৰ সকলো কাৰ্যসূচীতেই ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজেন তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰূপম নাথে ৷

Leave A Reply