Breaking

ভাৰতৰ বক্সিঙৰ গৌৰৱ ‘খেল ৰত্ন’ লাভলিনা বৰগোহাঁই, লন বল চেম্পিয়ন ‘অর্জুন’ নয়নমনি শ‍ইকীয়া আৰু বক্সিং ফেডাৰেচনৰ হেমন্ত কলিতাক সম্বর্ধনা অসম অলিম্পিক সংস্থাৰ

0 133

ৰাজ্যৰ ক্ৰীড়াজগতৰ শীৰ্ষ সংস্থা অসম অলিম্পিক সংস্থাই শেহতীয়াকৈ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়ী হোৱা বক্সিং চাঞ্চল্য লাভলিনা বৰগোহাঁই, কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰা নয়নমনি শ‍ইকীয়া আৰু ভাৰতীয় বক্সিং ফেডাৰেচন মহাসচিব হেমন্ত কলিতাক এক জাকজমকীয়া অনুষ্ঠানত সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী লগতে অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে এই অনুষ্ঠানৰ শোভাবর্ধন কৰে।


ৰাজ্যৰ গণ্য মাণ্য ব্যক্তিসকলৰ উপস্থিতিত তাৰকা খেলুৱৈসকলৰ প্রত্যেককে সর্বানন্দ সোণোৱালে এখনি ফুলাম গামোছা, এটা জাপি, এটা স্মাৰক আৰু পঞ্চাশ হাজাৰ টকাৰ চেকেৰে সম্বৰ্ধনা জনায়।

আজিৰ অনুষ্ঠানত অসম অলিম্পিক সংস্থাৰ তৰফৰ পৰা ৰাজ্যৰ অন্যান্য তাৰকা খেলুৱৈ তথা প্রশিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে বক্সিং তাৰকা হিচাপে কল্পনা চৌধুৰী, ভাগ্যৱতী কছাৰী, পৈলাও বসুমতাৰী আৰু অংকুশিতা বড়ো, ট্রিপল লন বলৰ চেম্পিয়ন মৃদুল বৰগোহাঁই আৰু পুতুল সোণোৱাল, বক্সিং প্রশিক্ষক ত্ৰিদীপ বৰা৷ অসম অলিম্পিক সংস্থাৰ উপৰিও ৰাজ্যৰ বহু ক্রীড়া সংস্থাই খেলুৱৈসকলক উষ্ম আদৰণি জনোৱাৰ লগতে সম্বর্ধনা জনায়। উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ (অসম) সাংসদ ভুৱনেশ্বৰ কলিতা, সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি জয়ন্ত বৰুৱা, সঞ্জীৱ নাৰায়ণ, প্ৰণয় বৰদলৈ আৰু ৰাজদ্বীপ বাইলুং বৰুৱাৰ উপৰিও অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ তপন দাস, অসমৰ অন্যান্য ক্রীড়া সংস্থাসমূহৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।


অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সংস্থাৰ সভাপতি সর্বানন্দ সোণোৱালে কয়, “আজি ইয়াত যিসকল ক্রীড়াবিদক সম্বর্ধনা জনোৱা হৈছে তেওঁলোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ৷ আপোনালোকে খেলজগতত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই কেৱল আমাক গৌৰৱান্বিত কৰাই নহয়, অসমৰ ক্ৰীড়াবিদসকলক এক উন্নত আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে ধাৱমান হোৱাত আশাৰ সঞ্চাৰ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীজীৰ নেতৃত্বত ভাৰতৰ ক্ৰীড়াত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে। মোডীজীৰ ঐকান্তিক প্রচেষ্টাৰ বলতে আমাৰ খেলুৱৈসকলক বিশ্ব মঞ্চত উৎকৃষ্ট প্রদর্শনত সক্ষম কৰিবলৈ নীতিগত পৰিৱৰ্তন কৰি এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহো খেলুৱৈসকলৰ খেলৰ মানদণ্ড বিশ্ব পৰ্যায়ৰ হোৱাকৈ বিকশিত কৰা হৈছিল।”

ক্রীড়াক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কোৱাৰ সময়ত সোণোৱালে লগতে কয়, ‘আমাৰ অঞ্চলত ক্ৰীড়াৰ অপৰিসীম সম্ভাৱনা আছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে সদায় সুস্থ ভাৰত গঢ়াৰ দিশত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি আহিছে৷ ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ অপৰিসীম সম্ভাৱনাক মোডীজীয়েও স্বীকৃতি দিছিল। সেই কাৰণেই ইম্ফলত ভাৰতৰ প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। যিহেতু মোডীজীয়ে সদায় উত্তৰ পূৰ্বাঞ্চলক নতুন ভাৰতৰ বিকাশৰ অন্যতম মুখ্য ইঞ্জিন বুলি চিনাক্ত কৰে। TOPS কার্যসূচীয়ে ইতিমধ্যে ক্রীড়া জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। মোডীজীৰ নেতৃত্বত আমাৰ খেলুৱৈসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ দিশত আমাৰ নিৰপেক্ষ প্রচেষ্টা অব্যাহত হৈয়েই আছে।”


অনুষ্ঠানত ভাষণ দি আই বি এ বিশ্ব বক্সিং চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে কয়, ‘আজি ইয়াত মোক জনোৱা এই সন্মানৰ বাবে অসম অলিম্পিক সংস্থাক ধন্যবাদ দিব লাগিব। এনেধৰণৰ সন্মানে মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে৷ মই আশা কৰোঁ যে এনেধৰনৰ অনুষ্ঠানে ক্রীড়াক সফল কেৰিয়াৰ হিচাপে বাচনি কৰাত সজাগতা বৃদ্ধি কৰিব। এজন ক্রীড়াবিদ হিচাপে মোৰ যাত্ৰাত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মই ব্যক্তিগতভাৱে সৰ্বানন্দ সোণোৱাল ছাৰক ধন্যবাদ জনাইছো৷ ক্ৰীড়াৰ বিভিন্ন দিশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিছো য’ত আমি আগন্তক ক্রীড়াবিদসকলক শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত সন্মুখীন হোৱা বিভিন্ন বিষয় বা উদ্বেগ সম্পৰ্কে পৰামৰ্শ দিয়াৰ চেষ্টা কৰিম। খাদ্যৰ পৰা আৰম্ভ কৰি চিকিৎসা বা পুষ্টিৰ গুৰুত্ব যিকোনো খেলুৱৈৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ ফাউণ্ডেচনে ক্ৰীড়াৰ এনে বহু দিশত ক্ৰীড়াবিদসকলক পথ প্ৰদৰ্শন কৰিব৷ আৰম্ভণিতে আমি আগন্তক মাহত ১০০০ জন খেলুৱৈৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছো।’


অনুষ্ঠানত ভাষণ দি কমনৱেলথ গেমছৰ লন বলৰ পদক বিজয়ী নয়নমনি শ‍ইকীয়াই কয়, “আজি অসম অলিম্পিক সংস্থাই মোক সম্বৰ্ধনা জনোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়৷ মই নিশ্চিত যে ইয়াৰ দ্বাৰা বহুতকে লন বল ক্রীড়াক পেছাদাৰীভাৱে গ্ৰহণ কৰিবলৈ উৎসাহ যোগাব লগতে আগন্তক দিনত অসম আৰু ভাৰতৰ বাবে অধিক পদক লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মোৰ সংগ্ৰামৰ দিনৰ পৰা এতিয়ালৈকে এই দীঘলীয়া সময়চোৱাত ক্রীড়াত মনোনিৱেশ কৰিবলৈ আৰু প্ৰতিখন খেলতে সম্ভৱপৰ উত্তম প্রদর্শন আগবঢ়াবলৈ অহৰহ উৎসাহ যোগোৱাৰ বাবে সৰ্বানন্দ সোণোৱাল ছাৰক আন্তৰিক ধন্যবাদ জনাইছো।”


ভাৰতীয় বক্সিং ফেডাৰেচনৰ প্ৰধান সম্পাদক হেমন্ত কলিতাই কয়, ‘আজি ইয়াত অসম অলিম্পিক সন্থাই মোক যি সন্মান প্ৰদান কৰিছে, মই নিজকে ধন্য অনুভৱ কৰিছোঁ৷ আমাৰ খেলুৱৈসকলৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সুবিধাৰ বাবে ক্রীড়া প্ৰশাসক হিচাপে মোৰ ভূমিকা হৈছে এক যাত্ৰা যিটো মই প্ৰতিদিনে নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰো৷ এই সুন্দৰ যাত্ৰাক আজি ইয়াত সংস্থাই স্বীকাৰ কৰি লোৱাটোৱে মোক অপৰিসীম আনন্দ দিয়ে। ই মোক আমাৰ বক্সাৰসকলক বিশ্বব্যাপী বিজয়ী প্রদর্শন আগবঢ়োৱাত সুবিধা প্ৰদানৰ বাবে মোৰ সাধ্য অনুসৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।”

Leave A Reply