২ মে’ত অসমৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত(Assam Panchayat Elections) নিৰ্বাচনৰ সময়ত প্ৰকাশ পোৱা অনিয়মৰ বাবেই ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ ৪ মে’ত অনুষ্ঠিত হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পূর্বে উল্লেখ কৰিছিল যে শুকুৰবাৰে ১৪খন জিলাৰ প্রথম পর্যায়ৰ পঞ্চায়ত নির্বাচনৰ পাছত অশান্তিৰ বাবে এই ৪৩টা ভোটকেন্দ্রত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷পুনৰ ভোটদানত হাইলাকান্দিৰ ৩১টা, শ্রীভূমিৰ ৮টা,লখিমপুৰৰ ২টা, আৰু গোলাঘাট আৰু মাজুলীৰ এটাকৈ ষ্টেচন৷শ্ৰীভূমি জিলা উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে প্ৰক্ৰিয়াটো সুচাৰুৰূপে আঢ়ে বুলি কয়। তেওঁ কয় “পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা আৰু দণ্ডাধীশৰ অধীনত পুনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে।”
উল্লেখ্য প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত গোলাঘাট, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত সামগ্ৰিকভাৱে ভোটদানৰ হাৰ ৭০.১৯ শতাংশ হৈছিল ।ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তিনিচুকীয়া জিলাত ৬৪.৭১ শতাংশ ভোটদানৰ হাৰ ৰেকৰ্ড হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ৬৮ শতাংশ ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। চৰাইদেউত ৭১.০২ শতাংশ, শিৱসাগৰত ৭২.৫৬ শতাংশ, মাজুলীত ৮০.০২ শতাংশ, যোৰহাটত ৭২.১৫ শতাংশ, গোলাঘাটত ৬৯.৯২ শতাংশ, ধেমাজিত ৭৭.১৪ শতাংশ, লখিমপুৰত ৭১ শতাংশ, শোণিতপুৰত ৬১ শতাংশ, ৬৪.৫১ শতাংশ বিশ্বনাথত ৭৩ শতাংশ, কাছাৰত ৭৩ শতাংশ, হাইলাকান্দিত ৭৩.৫ শতাংশ আৰু শ্ৰীভূমি জিলাত ৬৪.১০ শতাংশ।বাকী ১৩খন জিলাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৭ মে’ত, আৰু ভোটগণনা ১১ মে’ত হ’ব।আয়োগে কয় যে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছিল। দেওবাৰে অনুষ্ঠিত হোৱা পুনৰ ভোট গ্ৰহণৰ ভোটদানৰ হাৰ এতিয়ালৈকে চৰকাৰী ভাবে প্ৰকাশ কৰা হোৱা নাই।