Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ

ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ(Assam panchayat polls 2025)গৰম হৈ পৰিছে৷ এনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিৰোধী তথা শাসকীয় পক্ষই পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ বিৰোধী কংগ্ৰেছে বিজেপিৰ পদাংকই অনুসৰণ কৰি বিভিন্ন ধৰণৰ জনহিতকৰ আঁচনি তথা পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰত প্ৰকাশ কৰিছে৷ এনে সময়তে বিৰোধীয়ে লগতে এই বুলিও প্ৰচাৰ চলাই যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া৷

বিৰোধী পক্ষই এই বুলি দাবী কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই এইবাৰ দিলীপ শইকীয়াক বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী পাতিব৷ বিৰোধীৰ মাজত চৰ্চিত এনে আলাপ-আলোচনাৰ মাজতেই আজি লক্ষণীয়ভাৱে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজহুৱাভাৱে এই কথা স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁৰ ব্যক্তিগতভাৱে তথা দলীয়ভাৱে সম্পূৰ্ণ আনুগত্য আছে আৰু এইক্ষেত্ৰত বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ কোনো ভিত্তি নাই৷ শইকীয়াই লগতে কয় যে অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ উদ্দেশ্যেই বিৰোধীয়ে বিভিন্ন সময়ত বিজেপিৰ বিৰুদ্ধে নানান অপপ্ৰচাৰ তথা ষড়যন্ত্ৰত লিপ্ত হৈছে৷

কিন্তু তেনে ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ কৰি বিৰোধীয়ে বিজেপিৰ কোনো ক্ষতি কৰাতো বাদেই ৰাজ্যবাসীৰ ওচৰতো নিজৰ আস্থা হেৰুৱাবলগীয়া হৈছে বুলি শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ লগতে কয় যে বিৰোধীয়ে বৰুণ বাণ মাৰিলে আমি অগ্নিবাণ মাৰিবলৈ সাজু আছোঁ৷ এইক্ষেত্ৰত কেৱল বিজেপিয়েই নহয় সমগ্ৰ অসমবাসীয়েই বিৰোধীৰ কূট-কৌশল ভালদৰে বুজি পাইছে আৰু তেওঁলোকেও বৰুণবাণৰ সলনি অগ্নিবাণ মাৰিবলৈহে সাজু হৈ আছে৷ ইয়াৰ প্ৰমাণ আহি থকা পঞ্চায়ত নিৰ্বাচনত সকলোৱে দেখিব বুলি তেওঁ কয়৷

পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি অনুষ্ঠানত ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই
বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ(Assam panchayat polls 2025)

Related Articles