Breaking

দিন হাজিৰা কৰা পিতৃৰ সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ চাকৰি…

0 78

সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ ধুবুৰী জিলাৰ গোলকগঞ্জৰ সহিদুল ইচলাম। দৰিদ্ৰতাক নেওচি নিজৰ লক্ষ্য স্থিৰ ৰাখি কষ্ট আৰু আপ্ৰান চেষ্টাৰে সফলতা লাভ কৰিলে গোলকগঞ্জৰ আইমজিদ সেখৰ পুত্ৰ সহিদুল ইচলামে। সহিদুলৰ সৰুৰে পৰা দেশ সেৱা কৰাৰ মন আছিল । সেই লক্ষ্য মনত লৈয়ে পঢ়াশুনাৰ লগতে শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছিল। পুত্ৰৰ চাকৰি পোৱাৰ খবৰ পাই উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ। একেবাৰে দৰিদ্ৰ ঘৰৰ পৰা অসম আৰক্ষীত চাকৰি পোৱাৰ পিছত পিতৃ মাতৃয়ে আবেগিক হৈ পৰে।

উল্লেখ্য যে গংগাধৰ নৈৰ গৰাখহনীয়াৰ ফলত ভেটি মাটি হেৰুৱাই গোলকগঞ্জৰ শ্মশানৰ কাষত মথাউৰিৰ ওপৰত বসবাস কৰে পৰিয়ালটো। অসম চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰাৰ বাবে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে সহিদুল ইচলাম আৰু তেওঁৰ পৰিয়াল আৰু স্থানীয় নাগৰিক সকলে ।

গৌৰীপুৰৰ পৰা জামানুৰ ৰহমান

Leave A Reply