Breaking

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা…

0 58

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা।পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে টোল-ফ্ৰী নম্বৰ মুকলি।অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে।২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ মৌখিক পৰীক্ষা।

গুৱাহাটীৰ কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই পৰীক্ষা।পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড সমূহ ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব।

পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে এটা টোল-ফ্ৰী নম্বৰ মুকলি কৰা হৈছে।পৰীক্ষাৰ্থীসকলে ৮৯২৯২-০৭৬৬৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।উল্লেখযোগ্য যে,২৪ এপ্ৰিলত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণা হৈছিল।৩০৬ টা উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।

Leave A Reply