Breaking

মহামায়া মন্দিৰত পূজা অৰ্চনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই…

0 31

কংগ্ৰেছ দলে সমগ্ৰ ভাৰতবৰ্ষত ভাৰত জোড়ো যাত্ৰা হাতত লোৱাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই বগৰীবাৰীৰ মহামায়া মন্দিৰত মা – মহামায়াৰ আশীষ লৈ পানবাৰীৰ ঐতিহাসিক নবাবী মছজিদত দোৱা আৰু ধুবুৰীৰ টেকবাহাদুৰ গুৰু দোৱাৰাত আশীষ লৈ ভাৰত জোড়ো যাত্ৰাৰ শুভাৰম্ভ কৰে।

বিজেপিৰ সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰি ধৰ্ম নিৰপেক্ষ দেশ খন পুনৰ প্ৰতিটো জাতি-জনগোষ্ঠীক ভাতৃত্ববোধৰ বান্ধনেৰে বান্ধি দেশত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে এই ভাৰতজোড়ো যাত্ৰাৰ শুভ উদ্বোধন কৰাৰ উপলক্ষে বিলাসীপাৰা পশ্চিম সমষ্টিত অৱস্থিত মহামায়া মন্দিৰত মা-মহামায়াৰ চৰণত আশীষ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা

আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। এক নম্বেৱৰৰ পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা। গোলকগঞ্জ সমষ্টিৰ পৰা শদিয়া লৈ এই ভাৰত জোড়ো যাত্ৰা কাৰ্য্যসূচী হাতত লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

গৌৰীপুৰৰ পৰা ছামচুল হক

Leave A Reply