Breaking

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত নলবাৰী ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

0 58

কংগ্ৰেছী যুৱনেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে যোৱা ৭ ছেপ্টেম্বৰ ২০২২ ইং তাৰিখে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা”। 

কন্যাকুমাৰীৰ পৰা কাশ্মীৰ’লৈ ৩,৯৭০ কিলোমিটাৰ জোৰা “ভাৰত জোড়ো যাত্ৰা” কাৰ্যসূচী সোমবাৰে শ্ৰীনগৰ’ত সামৰণি পাৰে; আৰু এই যাত্ৰাৰ সামৰণি কাৰ্যসূচী হিচাপে কংগ্ৰেছী নেতা ৰাহুল গান্ধী জম্মু কাশ্মীৰৰ শ্ৰীনগৰস্থিত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

সেইমৰ্মে উক্ত কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱন প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

আনহাতে জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈৰ নেতৃত্বত বিভিন্ন শিক্ষানুষ্ঠানৰ যুৱক যুৱতী সকলৰ মাজত ৰাহুল গান্ধীয়ে এই যাত্ৰাৰ সময়চোৱাত লিখা নিজৰ মনোভাৱৰ এখন চিঠিৰ লিখনিৰ লিফলেট বিতৰণ কৰা হয়।

সোমবাৰৰ এই কাৰ্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই ৰ বিষয়ববীয়া সকলৰ লগতে কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে ।

Leave A Reply