Breaking

২০১৪ চনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰি সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীলৈ ১৮টা প্ৰশ্ন

0 57

আজি অসম প্ৰদেশ কংগ্ৰেছৰ এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে বক্তব্য আগবঢ়ায়৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক স্বাগতম জনোৱাৰ সমান্তৰালভাৱে ২০১৪ চনত অসমবাসীক তেখেতে দিয়া কেইটামান প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰে এনেদৰে—

১/ অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত তেখেতে কৈছিল- ১৬ মে’ৰ পাছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব ! কিন্তু CAA আনি সমস্যা স্থায়ীহে কৰিলে !
প্ৰশ্ন – বিদেশী সমস্যা সমাধান হ’ল নেকি ?

২/ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো বাদেই, আপুনি যোৱা সময়চোৱাত এবাৰো বানপানীত ক্ষতিগ্ৰস্ত এলেকা পৰিভ্ৰমণ কৰাও দৃষ্টিগোচৰ নহল আৰু অন্য ৰাজ্যৰ তুলনাত বান-সাহায্যৰ ক্ষেত্ৰত অসমক মাহী আইৰ দৃষ্টিৰেহে চালে !
বানপানী আৰু গৰাখহনীয়াৰ সমস্যা কেতিয়া সমাধান হব ?

৩/ অসমৰ আজিৰ তাৰিখৰ আন এক জলন্ত সমস্যা হ’ল সীমা সমস্যা !
মেঘালয় , অৰুণাচল, নাগালেণ্ড ,মিজোৰাম সকলো সীমান্তৰ আমাৰ স্থানীয় লোকে অনিদ্ৰাত ৰাতি কটাব লগীয়া হয় আৰু আৰক্ষী জোৱানে প্ৰাণ দিবলগীয়া হয়! উত্তৰ আছেনে ?

৪/ অসম চুক্তিৰ ৬ নং দফা কিয় অগ্ৰাহ্য কৰা হল ?

৫/ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কিয় কথা দি কথা নাৰাখিলে!
উত্তৰ আছেনে ?

৬/ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা NRC ক লৈ কিয় এটা শব্দও শুনিবলৈ নাপালো ?

৭/ বছৰি ২ কোটি চাকৰি কেন্দ্ৰত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ২৫ লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া কি হ’ল! কিয় যুৱ-প্ৰজন্মৰ ভৱিষ্যতৰ সপোনক লৈ ফাঁকি দিলে? নে বছৰি ২ কোটি আৰু ২৫ লাখ নিবনুৱাক চাকৰি দিলে তাৰ উত্তৰ লাগে ?

৮/ মূল্যবৃদ্ধি বৰ্তমান সকলোৰে বাবে এক জ্বলন্ত সমস্যা! মূল্যবৃদ্ধিৰ প্ৰশ্নত আপুনি এতিয়ালৈকে ‘ম’ শব্দটোও লোৱা দেখা নাই? পেট্ৰল, ডিজেল, ৰন্ধন গেছ, ঔষধ- এইবোৰ বস্তুৰ দাম কেতিয়া কমাব বা নিয়ন্ত্ৰণ কৰিব পাৰিব ? উত্তৰ লাগে ?

৯/ “বেটি বচাও, বেটি পঢ়াও” আঁচনিৰ নামত সৰ্বস্তৰতে আভুৱা ভৰা হ’ল, কাৰণ প্ৰায় ৭ হাজাৰ স্কুল ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৩ হাজাৰ স্কুল অসমত বন্ধ হওঁ হওঁ অৱস্থাত আছে। তেনেস্থলত আমাৰ সাধাৰণ খাটিখোৱা মানুহৰ ল’ৰা-ছোৱালীয়ে ক’ত পঢিব? এই আঁচনি প্ৰহসনত পৰিণত নহ’লনে? উত্তৰ লাগে?

১০/ নাৰী সমৃদ্ধি, সুকন্যা, কোমল জীৱন- এইবোৰ আঁচনিৰ বাবে অতি কষ্টোপাৰ্জিত সাধাৰণ জনতাৰ ধন কিয় আপুনি LIC/SBI ৰ জৰিয়তে আদানিক দি SBI আৰু LIC ৰ দৰে দেশৰ দুটা শক্তিশালী বিত্তীয় সংস্থাক নিশকটীয়া কৰিলে তাৰ উত্তৰ লাগে?

১১/ অসমৰ পৰা ৰাইজৰ অজ্ঞাতে কিয় ১২ খন যাত্ৰীবাহী ৰে’লগাড়ী বন্ধ কৰিলে ?

১২/ A for Assam বুলি ডিঙিত গামোচা লৈ আৱেগ সৃষ্টি কৰি উন্নয়ণৰ পৰিবৰ্তে ২৭ খনকৈ টোলগেট দি অতিৰিক্ত মাচুলৰে অসমৰ জনতাক মাধমাৰ দিছে কিয়! তাৰ উত্তৰ লাগে ?

১৩/ “এডভাণ্টেজ আসাম”ৰ নামত কিমান অসমলৈ বিনিয়োগ আহিল আৰু “টুইন টাৱাৰ” ক’ত গ’ল! উত্তৰ দিয়ক।

১৪/ “স্মাৰ্ট চিটি”ৰ নামত অহা ৪০০ কোটি টকাৰে “স্মাৰ্ট চিটি”ৰ কাম নকৰি বেংকত জমা থৈ অসম চৰকাৰে সুদ খাই মুনাফা লৈ আছে। আপুনি কিয় নিমাতে আছে ?

১৫/ আপোনাৰ আদৰ্শ গাওঁ আঁচনি প্ৰহসনত পৰিণত হ’ল! তথাপি আপুনি নিমাত কিয় ?

১৬/ অষ্টলক্ষ্মী বুলি কৈ আপুনিহে অসমক লক্ষ্মী দিয়াৰ পৰিবৰ্তে অসমৰ তেল, গেছ, চাহপাত তলে তলে বহিঃৰাজ্যৰ বণিয়াৰ হাতত তুলি দি অসমক নিশকটীয়া কৰিলে আৰু ১লাখ ৩২ হাজাৰ কোটিৰ ধাৰৰ বোজা অসমৰ কান্ধত জআঁপই দিলে! এতিয়া ৰাইজৰ ১০০ কোটি টকাৰে বিহু পাতিছে। আমি আপত্তি কৰা নাই। কিন্তু জাগীৰোড , পাঁচগ্ৰাম কাগজ কল দুটা সক্ষম কিয় কৰিব নোৱাৰিলে? উত্তৰ লাগে ?

১৭/ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি শংকিত, কাৰণ যিদিনা বিলকিছ বানুৰ বলাৎকাৰীক ফুলৰ মালৰে আদৰি মঞ্চত আতিথ্য দিয়া হৈছিল, সেইদিনাই বুজিলোঁ ভাৰতত ভাৰতত নাৰী কিমান সুৰক্ষিত ?

১৮/ শেষত এটা প্ৰশ্ন নুসুধিলে আধৰুৱা হ’ব- দুৰ্নীতিৰ প্ৰশ্নত শূন্য-সহনশীল বুলি জাহিৰ কৰা আপোনাৰ কাৰ্যকালত আদানি, ললিত মোডী, মেহুল ভাই, লুই বাৰ্জাৰ, সাৰদা এইবোৰৰ ক্ষেত্ৰত আপুনি নীৰৱ কিয়? আদানিৰ ২০ হাজাৰ কোটিৰ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটী বা JPC ৰ অনুমতি নিদিয়ে কিয় ?

Leave A Reply