Breaking

শিৱসাগৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সংবাদমেল সম্বোধন

0 1,519

ভাৰত চৰকাৰৰ “অগ্নিপথ” আঁচনিক সমালোচনা মুখ্যমন্ত্ৰীক “কংস মামা” সম্বোধন কৰি যুৱ প্ৰজন্মৰ ভৱিষ্যৎ ধ্বংস কৰাৰ ষড়যন্ত্ৰ আখ্যা অংকিতা দত্তৰ। শিৱসাগৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সংবাদমেল সম্বোধন । নগৰৰ প্ৰেছ ক্লাৱত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ আৰু শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত এই সংবাদমেল অনুষ্ঠিত কৰে ।অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই এই সংবাদমেল সম্বোধনেৰে কেন্দ্ৰীয় চৰকাৰৰ সেনা বাহিনীত ভৰ্তিকৰণৰ বাবে প্ৰৱৰ্তন কৰা “অগ্নিপথ” আঁচনিক লৈ সৰৱ হৈ পৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো চিন্তা চৰ্চা নকৰাকৈ কেৱল চমক সৃষ্টিৰ বাবে কেতবোৰ ঘোষণা কৰা বুলি তাচ্চিল্য কৰে সভানেত্ৰী গৰাকীয়ে । ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক নিৰাশা আৰু ভৱিষ্যতহীনতালৈ ঠেলি দিয়াৰ বাদে এই আঁচনিৰ পৰা একো লাভ নহয় বুলি তেওঁ দাবী কৰে । মাত্ৰ পঁচিশ বছৰত দেশৰ এক বুজন অংশ যুৱক-যুৱতীক ভৰপক বয়সত নিবনুৱা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ অভিযোগ আনে ।অগ্নিবীৰ সকলে চাৰি বছৰ সেনা বাহিনীত চাকৰি কৰাৰ পাছত এই সকল যুৱক-যুৱতীয়ে কোনো কোম্পানীত সুৰক্ষা কৰ্মীৰ কাম কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । চাৰি বছৰ সেনা বাহিনীত চাকৰি কৰি অৱসৰ লোৱা অগ্নিবীৰ সকলৰ শিক্ষাৰ ভৱিষ্যৎ কি তাকো তেওঁ প্ৰশ্ন কৰে। এই আঁচনিৰ প্ৰসংগত সভানেত্ৰী দত্তই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীক “কংস মামা” বুলি সম্বোধন কৰি অগ্নিবীৰ সকলক অৱসৰৰ পাছত হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীত ভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কৰা ঘোষণাক প্ৰত্যাহ্বান জনাই সভানেত্ৰী গৰাকীয়ে । তেওঁ মুখ্যমন্ত্ৰী গৰাকীক কেবিনেট সিদ্ধান্ত নোলোৱাকৈ এনে ঘোষণা নকৰিবলৈ সকিয়াই দি কয় যে টেট শিক্ষক সকলক সংস্থাপিত কৰাত অক্ষম হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ঘোষণা কৰাৰ কোনো অধিকাৰ নাই বুলি তেওঁ সকিয়াই দিয়ে। বানমুক্ত অসমৰ শ্ল’গান দিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে বানে উটুৱাই নিলে ।

তেনেদৰে কংস মামাৰ অগ্নিবীৰ সকলক লৈ কৰা প্ৰতিশ্ৰুতিও অসাৰ হ’ব নেকি বুলি তেওঁ প্ৰশ্ন কৰে। ভাৰতৰ ৰাইজক এই আঁচনিখনক লৈ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকি শান্তিপূৰ্ণ ভাৱে এই আঁচনিৰ বিৰোধিতা কৰি চৰকাৰক এই আঁচনি বাতিল কৰিবলৈ বাধ্য কৰোৱাৰ বাবে আহবান জনায়। এই শান্তিপূৰ্ণ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছে ৰাইজৰ লগত থাকিব বুলিও তেওঁ ঘোষণা কৰে।

জয়সাগৰৰ পৰা ফাৰহান লস্কৰৰ প্ৰতিবেদন

Leave A Reply