Breaking

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিকৰণৰ বিনামূলীয়া কৰ্মশালা আয়োজন….. 

0 30

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আৰু কেৰিয়াৰ কাউনচেলিং এণ্ড গাইডেন্স চেলৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিকৰণৰ বাবে সাত দিনীয়া এক বিনামূলীয়া কৰ্মশালাৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে ৷

পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা এই সাত দিনীয়া কৰ্মশালাটোত নগাঁও জিলা প্ৰশাসনৰ কেইবাগৰাকীও অভিজ্ঞতাপুষ্ট অসম অসামৰিক সেৱাৰ বিষয়াই প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিব ৷ অহা ৭ মে’ ৰ দিনৰ পুৱা ১০:৩০ বজাৰ পৰা আনন্দৰাম মহাবিদ্যালয়ত প্ৰশিক্ষণ কৰ্মশালাটি অনুষ্ঠিত হব ৷ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি নিতু কুমাৰ মহন্ত আৰু সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ নাথে এই বিনামূলীয়া কৰ্মশালাটিৰ সন্দৰ্ভত জানিবলৈ দি কয় যে- এনেধৰণৰ গঠন মুলক কাৰ্য্যসূচীৰ দ্বাৰা মানৱ সম্পদ গঢ়দি অসমৰ ৰাইজৰ কাষত থাকি ভৱিষ্যত প্ৰজন্মক আগবঢ়াই লৈ যোৱাটোতেই পৰিষদৰ প্ৰধান আৰু মুল উদ্দেশ্য ৷

অনাগত দিনত আৰু অধিক আৰু বহুলভাৱে এনেধৰণৰ কৰ্মশালা আয়োজনত পৰিষদে আগভাগ লব বুলিও সভাপতি সম্পাদকদ্বয়ে জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত অধিক জানিবৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীক ৯১০১৩৯৮২৬০/৮৬৩৮৩৫৩৪১৫/৯৪৩৫৫০২৮২৮/৬০০১০৪৩৪৭৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Leave A Reply