Breaking

অসম এৰি যাবলৈ সাজু পদ্মশ্ৰী উদ্ধৱ ভৰালী!

0 1,164

‘মই গভীৰ ষড়যন্ত্ৰৰ বলি হৈছো’ – এই মন্তব্য পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ ৷ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে উদ্ভাৱক, বিজ্ঞানী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ৷ বিভিন্ন বঁটা-বাহনেৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত নিজৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হোৱা বিজ্ঞানী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগ খণ্ডণ কৰি ন্যস্ত স্বাৰ্থ জড়িত এচামে ষড়যন্ত্ৰ কৰিছে বুলি মত প্ৰকাশ কৰে উদ্ভাৱকগৰাকীয়ে ৷

জানিব পৰা মতে, লখিমপুৰৰ এটা শিশু গৃহৰ পৰা ভৰালীয়ে ২০২০ৰ আগষ্ট মাহত এগৰাকী ১৩ বছৰীয়া কিশোৰীক এবছৰৰ বাবে নিজা আশ্রমলৈ নি ৰখাৰ পাছত দীর্ঘদিন ধৰি কিশোৰীগৰাকীক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ যোৱা ১৭ ডিচেম্বৰত লখিমপুৰ শিশু কল্যাণ সমিতিয়ে এই সন্দর্ভত জিলা আইন সেৱা প্রাধিকৰণক বিষয়টো অৱগত কৰোৱাৰ পাছতে জিলা আইন সেৱা প্রাধিকৰণে জিলা মুখ্য ন্যায়িক দণ্ডাধীশক বিষয়টো লিখিতভাৱে অৱগত কৰে৷

এই অভিযোগত ভিত্তিত ভৰালীয়ে কয়, “মই কি কৰিলো, নিজেই নাজানো৷ সামাজিকভাবে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম৷’ লগতে তেওঁ কয়, এই যুঁজত জয়ী হৈ মই অসম এৰি গুছি যাম৷ মই বহু তলৰ পৰা আহি আজি এই স্থান পাইছো৷ আৰু বহু কৰিবলৈ বাকি আছে ভাৰতবাসীৰ বাবে ৷”

উল্লেখ্য যে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে ভৰালীৰ বিৰুদ্ধে 1332/2021 আৰু পকছ’ আইনৰ ৬নং ধাৰা, IPC- 376 (I), 376 (A) আৰু 354 ধাৰাত এটা গোচৰ পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখে৷ ইফালে যোৱা ২৮ ডিচেম্বৰতে এই ঘটনা সন্দর্ভত অভিযুক্ত ভৰালীয়ে গুৱাহাটী উচচ ন্যায়ালয়ৰ পৰা অন্তৱর্র্তীকালীন জামিন লাভ কৰে৷

ডালিমৰ গুটি গুচোৱা এটা যন্ত্ৰ উদ্ভাৱনেৰে তেওঁলৈ আনিছিল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ৷ ২০০৯ চনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা “ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱন বঁটা” , ২০১০ চনত অসম সাহিত্য সভাই প্ৰদান কৰা “প্ৰযুক্তি-ৰত্ন” উপাধিকে ধৰি বহু বঁটা আৰু সন্মান তেওঁ ইতিমধ্যে লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৪ চনত তেওঁক সন্মানীয় ডক্টৰ অৱ চায়েঞ্চ (DSc) ডিগ্ৰী প্ৰদান কৰিছে৷ লোভনীয় চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি নিজৰ সৃষ্টিৰাজিৰে জগত জিনিবলৈ সক্ষম হোৱা ভৰালীয়ে নিজ জন্মস্থানতে আৰম্ভ কৰিছিল উদ্ভাৱনৰ কাম৷ ইয়াৰোপৰি তেওঁৰ প্ৰায়সমূহ উদ্ভাৱনেই খাটিখোৱা মানুহ, দৰিদ্ৰ গ্ৰাম্য লোক, শাৰীৰিক-মানসিক অক্ষমতা থকা লোকৰ সুবিধাৰ্থে সৃষ্টি কৰা কৰিছিল৷ তেখেতৰ সৃষ্টিৰাজিৰ ভিতৰত বিশেষকৈ কঠীয়া ৰোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ, ‘গ্ৰীণ টী’ তৈয়াৰী যন্ত্ৰ, ভীমকলৰ গুটি গুচোৱা যন্ত্ৰ, খৰি লুৰি খোৱা মানুহৰ বাবে কম ইন্ধন খৰচী চৌকা, মাছৰ বাকলি গুচোৱা যন্ত্ৰ আদিয়ে স্থান লাভ কৰিছিল৷

Leave A Reply