Breaking

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে অন‍্যতম উপযুক্ত সাধন

0 2,344

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম, কঁঠাল, জামুক, লেটেকু, পনিয়লৰ খাওঁতা নাছিল এটা সময়ত। আজি দিন সলনি হ’ল যদিও এই ফল-মূলৰ উৎপাদন তুলনামূলকভাবে কমা নাই। অথচ ইয়াৰ বাণিজ‍্যিক লাভা-লাভ আহৰণৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই।   

এতিয়া সমাগত জহৰ দিন। এইয়া বিধে-বিধে ফল লগাৰ বতৰ। লকডাউনৰ সময়ছোৱাত নিৰৱে-নিঃশব্দে প্ৰকৃতিয়ে ৰূপ সলাইছে। অসমৰ গাঁৱে-ভূঞে, চুকে-কোনে বিভিন্ন ফলৰ গছত শোভা কৰিছে বিভিন্ন টেঙা-মিঠা-কেহা ফলে। এই ফল-মূলবোৰৰ উপকাৰীতা বা ঔষধি গুণৰ বিষয়ে পুণৰাই কোৱাৰ প্ৰয়োজন নাই যদিও অসমীয়াই এই ফলবোৰৰ উপযুক্ত মৰ্যাদা দিব জনা নাই।         

 ফলৰ ৰজা আম, কঁঠাল, জামুক, সুমথিৰা বেল, লেটেকু, পনিয়ল, লিচু, আহোম-বগৰী, প্লাম, ডালিম, অমৰা, আমলখী, টেঙাজাতীয় ফল – পৰা-আমলখী, কৰ্জা, ৰবাব টেঙা, বৰ টেঙা, চকলা টেঙা, বিলম্ব বা পটল টেঙা আদি বিধে-বিধে এতিয়া গছৰ ডাল শোভা কৰিছে।      

     ডালিম, লিচু, লেটেকু, পনিয়ল, আহোম বগৰী, বেল আদি কিছু ফল ইতিমধ‍্যে খাবৰ হৈছে। ফলৰ ৰজা আমৰ আচাৰ প্ৰস্তুতৰ সময় এইয়াই। পদুনাৰে চাট্‌নি খোৱা লোভ হয়তু সকলোৰে আছে । জলফাই, ঔটেঙা, আনাৰসৰ ফুল ফুলিছ, ঠিক তেনদৰে ৰবাব টেঙা, সুমথিৰা, অমৰা, প্লাম, আমলখী, জামুকৰ কলি পেলাইছে‌।

           অসমৰ থলুৱা ফল-মূলৰ বাণিজ‍্যিক লাভা-লাভৰ ক্ষেত্ৰত অসম মুঠেই আগবঢ়া নহয়। কাৰণ যিয়েই নহওক, কিন্তু এই জটিল সময়ছোৱাত স্বনিৰ্ভৰশীল হোৱাৰ যি এক বসনা মানুহৰ মনত জাগৃত হৈছে, সেই বাসনাক প্ৰকৃত ৰূপ দিবলৈ অসমৰ থলুৱা ফল-মূল এক অন‍্যতম সাধন হ’ব পাৰে। এই ক্ষেত্ৰত ৰাজ‍্যৰ আগ্ৰহী নিবনুৱাক কৃষি-ভিত্তিক উদ‍্যোগ স্থাপন কৰি অসমত উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ ফল-মূলক বাণিজ‍্যিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ এক বলিস্থ পদক্ষেপ অসম চৰকাৰৰ কৃষি আৰু বিপনন বিভাগটোৱে ল’ব পাৰে। এনে পদক্ষেপ ল’বৰ ইয়ে এক উপযুক্ত সময়। জহকালৰ ফলমূলবোৰৰ কিছুসংখ‍্যক খাব পৰা হৈছে, আন কিছুসংখ‍্যক দুই-এমাহৰ ভিতৰতে খাব পৰা হ’ব। বিশেষকৈ টেঙা জাতীয় ফলৰ ক্ষেত্ৰত অসম বিশেষভাবে চহকী। টেঙাজাতীয় ফল মানে আচাৰ বা ৰস বাবে উপয়ুক্ত। তদুপৰি আম, লিচু, আনাৰসো অসম তথা উত্তৰ পূৱত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। তৎস্বত্বেও আচাৰ, ফলৰ ৰস, জাম-জলীৰ ব‍্যৱসায়ীক উৎপাদনত অসমৰ অৱস্থা মুঠেই সন্তোষজনক নহয়‌। এছিয়াৰ এখন বৃহৎ কলৰ বজাৰ থকাৰ পিছতো অসমে কলৰ পৰা প্ৰস্তুত হোৱা বিভিন্ন ৰুচিকৰ খাদ‍্য বা জনপ্ৰিয় ‘বানানা শ্বেক’ অসমত উৎপাদন নহয়। 

         এই জটিল সময়ছোৱাত পৃথিৱীৰ মানৱ জাতিয়ে লাভ কৰা আত্মনিৰ্ভৰতাৰ শিক্ষাই অসমৰ বাণিজ‍্যিক ক্ষেত্ৰখনতো আত্মনিৰ্ভৰ হোৱাৰ বাটত প্ৰশস্ত কৰিব। এই বাটত নিশ্চয়কৈ সাধন হিচাপে চিহ্নিত কৰিব পাৰি অসমৰ থলুৱা ফলমূলক। এই লকডাউনৰ সমছোৱাত অত‍্যাধুনিক সংৰক্ষণৰ আহিলা বা সাধনৰ অভাৱে অসমত উৎপাদিত হোৱা শাক-পাচলি নষ্ট হ’ল, কৃষকৰ দুৰৱস্থা হ’ল। সমগ্ৰ অসমত উৎপাদিত বিলাহী, জলকীয়া যিটো হাৰত নষ্ট হ’ল, সি আছিল অভাৱনীয়। কিন্তু এই দুয়োবিধ পাচলি সংৰক্ষণযোগ‍্য খাদ‍্য আচাৰ, চচ জাতীয় খাদ‍্য সামগ্ৰীৰ বাবে অতি উপযুক্ত। কিন্তু চৰকাৰী হেমাহীয়ে হওক বা আন কাৰণেতেই হওক শাক-পাচলি ব‍্যাপক হাৰত নষ্ট হ’ল। এতিয়া সমাগত সময়ত অসমৰ গাঁৱে-ভূঞে উৎপাদন হ’বলগীয়া বৃহৎ পৰিমাণৰ ফল-মূলৰ অৱস্থা যাতে বিলাহী-জলকীয়াৰ দৰে নহয়, তাৰ প্ৰতি চৰকাৰে এতিয়াৰ পৰাই সু-পৰিকল্পিত আঁচনিৰ জৰিয়তে অসমৰ অৰ্থনেতিক অৱস্থাৰ উন্নতিৰ ব‍্যৱস্থা কৰক। এনে পৰিকল্পনাই অসমৰ অজস্ৰজনক সংস্থাপনৰ বাট মুকলি কৰিব।

ৰূপজ‍্যোতি গোস্বামী

কলিয়াবৰ, নগাঁও ফোন : ৯৭০৬০৪৪৯৩৪

Leave A Reply