Breaking

বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ফলক বঙালী সংগঠনে মচি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ ৷

0 2,048

অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ফলক বঙালী সংগঠনে মচি পেলোৱাএনেকুৱা ধৰণৰ কাৰ্যক গৰিহণা দিয়ে অসম সাহিত্য সভাই। এনে ধৰণৰ গৰ্হিত, বিচ্ছিন্নতাবাদী কামক অসম সাহিত্যসভাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ৷ এনেবোৰ কাৰ্যক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে ৷ চৰকাৰী ফলকৰ বিজ্ঞাপন মোচি পেলোৱা কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ ৷ ৰাজ্যিক ভাষা আইন থকাৰ পিছতো এনে ধৰণৰ কাৰুকাৰ্য অসমৰ ৰাইজে ভাল নাপায় ৷ গতিকে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰক বিহিত ব্যৱস্থা লবলৈ দাবী জনায় ৷লগতে সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাও বৰাকত অসমীয়া ভাষাক অপমানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম সাহিত্য সভাই অসমীয়া ভাষাৰ লগতে জনগোষ্ঠীয় সকলো ভাষাৰ প্ৰতি দায়বদ্ধ ৷ এটা তথাকথিত বঙালী সংগঠনে অসমীয়া ভাষা বৰাকত হ’ব নালাগে বুলি নাম ফলক আঁতৰাব বিচাৰিছে এইটো বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ অসমত ৷ এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে৷ তেওঁ আৰু কয় যে এনে ধৰণৰ গৰ্হিত কামক অসম সাহিত্য সভাই কেতিয়াও সমৰ্থন নকৰে ৷ কেৱল অসমীয়া ভাষাই নহয় কোনো ভাষাৰ ওপৰত হাত দিয়াটো সহজ কথা নহয় ৷ মাতৃভাষা আমাৰ জন্ম স্বত্ব ৷ অসমীয়া ভাষা অসমত চৰকাৰী ভাষা ৷ এই ক্ষেত্ৰত চৰকাৰলৈ অনুৰোধ এই ক্ষেত্ৰত চৰকাৰে উচিত শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। আজি গোৱালপাৰাৰ ধূপধৰাত অনুস্থিত পণ্ডিত, গৱেষক ৰাজেন ৰাভাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি, সম্পাদকে ৷

Leave A Reply