Breaking

চন্দ্ৰযান-৩ অভিযানত অসমৰ বিজ্ঞানী, উত্তৰ লখিমপুৰ মহাবিদ্যাল(স্বায়ত্তশাসিত)ৰ আদৰ্শ ছাত্ৰ চয়ন দত্ত

0 153

ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাত এক বৃহত্‍ অভিযান ‘চন্দ্ৰযান-৩’ৰ উপ-প্ৰকল্প সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্ত হৈছে অসমৰ বিজ্ঞানী চয়ন দত্ত। উত্তৰ লখিমপুৰ মহাবিদ(স্বায়ত্তশাসিত)আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তৰ এই খবৰে স্বাভাৱিকতে তেওঁৰ গৃহচহৰ লখিমপুৰকে ধৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।


ভাৰতৰ চন্দ্ৰ অভিযানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে ১৪ জুলাইৰ দিনৰ ২:৩৫ বজাত মহাকাশলৈ উৎক্ষেপণ চন্দ্ৰযান-৩।

এই অভিযানটোৱে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত চফটৱেৰৰ গ্লিচৰ বাবে ক্ৰেচ লেণ্ডিঙৰ সন্মুখীন হোৱা চন্দ্ৰযান-২ অভিযানৰ অনুসৰণ হিচাপে কাম কৰিব। অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে চন্দ্ৰযান-৩য়ে এক বেলেগ ডিজাইন পদ্ধতি গ্ৰহণ কৰিছে, য’ত সম্ভাৱ্য বিফলতাৰ বিন্দুসমূহৰ সৈতে মোকাবিলা কৰি মহাকাশযানখনক সুৰক্ষা প্ৰদান আৰু বিজয়ী চন্দ্ৰ অৱতৰণ নিশ্চিত কৰাৰ ব্যৱস্থাৰে ৰূপায়ণ কৰা হৈছে।

স্কুলীয়া দিনৰে পৰা এজন মেধাৱী ছাত্ৰ উত্তৰ লখিমপুৰৰ গোপীনগৰ কলনীৰ চয়নৰ লগতে চন্দ্ৰযান-৩ৰ সফলতালৈ দেশবাসীয়ে এতিয়া আগ্ৰহ আৰু উত্‍কণ্ঠাৰে বাট চাই ৰৈছে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চয়নৰ পিতৃ ৰঞ্জিত কুমাৰ দত্তই কয় যে অতি সহজ-সৰল আৰু নিৰ্মল মনৰ ব্যক্তি চয়নৰ পিতৄ হিচাপে তেওঁ উল্লাসিত হৈ পৰিছে। পিতৃয়ে লগতে কয় যে চয়নৰ ঘৰত কোনো টেলিভিছন নাই আৰু মিছন শেষ নোহোৱালৈকে তেওঁ কোনো ধৰণৰ ফোন কল নকৰিবলৈ কৈছিল। চয়নৰ পিতৃয়েও চন্দ্ৰযান-৩ৰ সফলতা কামনা কৰিবলৈ সকলোকে আহ্বান জনায়।


তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ নিপুণ প্ৰাক্তন ছাত্ৰ চয়ন দত্তই বৰ্তমান মহাকাশ বিভাগৰ ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰত বিজ্ঞানী অভিযন্তা হিচাপে কাম কৰি আছে। ইয়াৰ উপৰিও তেওঁ “অন ব’ৰ্ড কমাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ চিষ্টেম, লেণ্ডাৰ, চন্দ্ৰযান-৩” প্ৰকল্পৰ নেতৃত্ব দি উপ-প্ৰকল্প সঞ্চালকৰ সন্মানীয় পদত অধিষ্ঠিত।

মহাকাশযানখনৰ “মগজু” বুলি গণ্য কৰা কমাণ্ড এণ্ড ডাটা হেণ্ডলিং উপচিষ্টেমে ইয়াৰ সকলো কাৰ্য নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰে। অসমৰ সন্তান চয়ন দত্তক ভাৰতৰ আগন্তুক চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণ নিয়ন্ত্ৰণ অভিযানৰ নেতৃত্ব দিয়াৰ জটিল দায়িত্ব অৰ্পণ কৰাটো অসমবাসীৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ খবৰ হিচাপে চিহ্নিত হৈছে।

Leave A Reply