Breaking

বাহাৰঘাট ভলীবলত অসম ৰাজ্যিক বিদ্যুত পৰিষদ চেম্পিয়ন…

0 17

বাহাৰঘাট ভলীবলত অসম ৰাজ্যিক বিদ্যুত পৰিষদ চেম্পিয়ন***

লহকৰপাৰা জনশিক্ষা পুথিভঁৰালৰ সৌজন্যত বাহাৰঘাট লখিমী পথাৰত দেওবাৰ(১০ মাৰ্চ)ৰ পৰা আৰম্ভ হোৱা প্ৰয়াত গিৰীন্দ্ৰ চন্দ্ৰ লহকৰ আৰু ৰাজীৱ লহকৰ সোঁৱৰণী সদৌ অসম ভিত্তিত অনুষ্ঠিত ২৫ সংখ্যক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুত পৰিষদে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। অসমৰ আগশাৰীৰ ৬টা ভলীবল দলে অংশগ্ৰহণ কৰা ফাইনেল খেলত এ এছ ইবি দলটোৱে তেজপুৰ একাডেমীক ২৫–১৯, ২৫–২৭, ১৭–২৫, ২৫–১৮, ১৫–৯ পোনপটীয়া শ্বেটত পৰাজিত কৰে।

শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে এ এছ ই বি দলৰ মানস প্ৰতীম হালৈয়ে। সন্ধিয়া অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত অসম ৰাজ্যিক বিদ্যুত পৰিষদে সৰভোগ ভলী ক্লাৱক ২৫–২২, ২৬–২৫, ২৫–১৩ পোনপটীয়া শ্বেটত পৰাজিত কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত তেজপুৰ একাডেমীয়ে উদ্যম ভলীবল দল বজালীক ২৯–২৭, ২৫–৯ আৰু ২৫–১৯ত পৰাজিত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। নলবাৰী ক্ৰীড়া সন্হাৰ ৰেফাৰী বোৰ্ডৰ সম্পাদক তথা ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী বীৰেন কুমাৰ শৰ্মাৰ তত্বাৱধানত খেল পৰিচালনা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী দেৱজিৎ ডেকা, ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰী গিৰীশ তালুকদাৰ, বিপুল কুমাৰ সাউদ, প্ৰণৱ শৰ্মা, দীপাংঙ্কৰ

ডেকা আৰু সঞ্জয় সাউদে। প্ৰতিযোগিতাৰ প্ৰাকমূহুৰ্তত পূব নলবাৰী কচিং চেন্টাৰ আৰু বৰবৰী ভলীবল কচিং চেন্টাৰৰ মহিলা ভলীবল দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰীতি ভলীবল প্ৰতিযোগিতাত পূব নলবাৰী কচিং চেন্টাৰ বিজয়ী হয়। ৰবিবাৰে পুৱা লহকৰপাৰা জনশিক্ষা পুথিভঁৰালৰ পতাকা উত্তোলন কৰে সভাপতি ৰজত শৰ্মাই। প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে পশ্চিম বনভাগ লহকৰপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক ৰমনীকান্ত মজুমদাৰে। গিৰীন্দ্ৰী চন্দ্ৰ লহকৰ আৰু ৰাজীৱ লহকৰৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বালন কৰে নলবাৰী ষ্টেট বেংকৰ কৰ্মচাৰী ভূৱনেশ্বৰ দাসে। খেল উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ কিষান মৰ্চাৰ সভাপতি নিবাৰণ লহকৰে।

Leave A Reply