Breaking

অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ খেলুৱৈ দয়াল বসুমতাৰীৰ দুৰৱস্থা…

0 12

অসমৰ ভলীবল জগতত বৰ্তমান খেলি থকা লিফটাৰ সমূহৰ ভিতৰত দয়াল বসুমতাৰী এজন অন্যতম শ্ৰেষ্ঠ লিফটাৰ। যাৰ দুহাতৰ যাদুত প্ৰাণ পাই উঠে ভলীবলৰ খেলপথাৰ। স্মেচাৰক চকু মুদি ভলীবলটো স্মেচ কৰাৰ বাবে সজাই পৰাই দিয়াটোৱে হৈছে তেওঁৰ মুখ্য কাম। স্মেচাৰক বলটো স্মেচ কৰাৰ বাবে মিডিয়াম বা চৰ্ট বলটো হাতত লগাই দিব পৰা এক বিশেষ কলাৰ বাবে তেওঁ সৰ্বজন বিদিত। যাৰ বাবে অসমৰ স্মেচাৰ সকলে তেওঁক লিফটাৰ হিচাপে পাবলৈ আশা পালি থাকে। ভলীবল খেলত লিফটাৰৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ। লিফটাৰৰ ওপৰতে গোটেই খেলখন নিৰ্ভৰ কৰে। ভলীবলৰ জোখাৰে তেওঁ অলপ চাপৰ যদিও তেওঁ নিজৰ ইচ্ছাশক্তিৰ ওপৰত প্ৰৱল বিশ্বাসী, অদম্য সাহস, ধৈৰ্য্য একাগ্ৰতাৰ বাবে সেই অভাৱ পূৰণ কৰি গৈ আছে আৰু প্ৰায় আমন্ত্ৰণ মূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত আজুৰি আনিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। তেওঁৰ জন্ম হৈছিল ৩০-১১-২০৯৭ চনত বাস্কা জিলাৰ পূব খাগ্ৰাবাৰীত। দেউতাকৰ নাম লোহিত বসুমতাৰী আৰু মাকৰ নাম বিজয়া বসুমতাৰী।

২০১২ চনত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ গিৰীশ তালুকদাৰৰ তত্বাৱধানত দয়ালে ভলীবলৰ আদি পাঠ গ্ৰহণ কৰি পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে। ২০১৩ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ মৰিগাঁওত অনুষ্ঠিত হোৱা ২৭ সংখ্যক আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ইয়াৰ সুবাদতে তেওঁ ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৪১ সংখ্যক জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ২০১৫ চনৰ ৮ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ বিহাৰত অনুষ্ঠিত হোৱা ৪২ সংখ্যক জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ২০১৬ চনৰ পৰা তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ হৈ অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ আশা অসম ৰাজ্যিক বিদ্যুত পৰিষদত স্থায়ী সংস্থাপনৰ সুবিধা কৰি লৈ নিজৰ লগতে পৰিয়ালক পোহপাল দিবলৈ সক্ষম হ’ব।

কিন্তু বিগত প্ৰায় ৮ বছৰ ধৰি অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ হৈ নিজৰ সৰ্বস্ব উজাৰি দি প্ৰতিযোগিতা সমূহত চেম্পিয়ন অথবা ৰানাৰ্চ আপাৰ খিতাপ অৰ্জন কৰি আহিছে যদিও আজিলৈ তেওঁলোকে অসম ৰাজ্যিক বিদ্যুত পৰিষদত চাকৰিৰ মকৰলৰ সুবিধা পোৱা নাই। দয়াল বসুমতাৰীৰ দেউতাকে কিবাকৈ দিন হাজিৰা কৰি ঘৰখন পোহপাল দি আছে। বেমাৰে জুৰুলা কৰা মানুহজনৰ এতিয়া আৰু হাজিৰা কৰিবলৈ দেহত শক্তি নোহোৱা হৈছে। গতিকে পৰিয়ালবৰ্গই দয়াল বসুমতাৰীৰ মুখলৈ চাই আছে। যদিহে দয়ালৰ স্থায়ী কৰ্ম সংস্থাপন নহয় তেতিয়াহ’লে পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হবগৈ। বৰ্তমান দয়াল বসুমতাৰীৰ লগতে বিদ্যুত পৰিষদ দলৰ হৈ খেলি আছে আব্দুল বাতেন, ধ্ৰৱজ্যোতি বড়ো, জুলীয়াচ আলী, অমৰ বড়ো, অৰিন্দম দৈমাৰী, মানস প্ৰতীম হালৈ, মেহেদি আলম, জোৱানশ্বৰ ব্ৰহ্ম, কংকন ৰয়, বনমালী ডেকা আৰু প্ৰশান্ত ভূঞা। আটাইকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ। দীৰ্ঘ দিন ধৰি এওঁলোক অসম ৰাজ্যিক বিদ্যুত পৰিষদ দললৈ সেৱা আগবঢ়াই আহিছে। গতিকে সময় থাকোতেই খেলুৱৈ সকলক কৰ্ম সংস্থাপন দিয়াৰ বাবে বিভাগীয় কৰ্ত্তৃপক্ষক আহ্বান জনাইছে সচেতন ক্ৰীড়া প্ৰেমীয়ে।

Leave A Reply