Breaking

সফলতাৰে সামৰণি পৰিল অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ-২০২৩; সামৰণি অনুষ্ঠানত দুই ‘অৰ্জুন’ হিমা আৰু নয়নমণিৰ অংশগ্ৰহণ

0 51

ক্ৰীড়া আৰু প্ৰযুক্তিৰ সমাহাৰেৰে ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়শ্বিপ-২০২৩ৰ সফল সামৰণি পৰিল। সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত ‘অৰ্জুন’ হিমা দাস আৰু ‘অৰ্জুন’ নয়নমণি শইকীয়া।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ এই দুই ষ্টাৰ খেলুৱৈয়ে তৰুণ খেলুৱৈসকলক উদ্দেশ্যে শুভেচ্ছামূলক চমু ভাষণ আগবঢ়ায়। প্ৰতিযোগিতাত ৰাজ্যৰ ৩৬ খন জিলাৰ ল’ৰা, ছোৱালী উভয়ৰ ৫ হাজাৰ খেলুৱৈয়ে ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ অনূৰ্ধ্বৰ আৰু ছিনিয়ৰ শাখাত ব্যক্তিগত আৰু দলীয় শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়।

উল্লেখ্য যে, ২১ ডিচেম্বৰৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ৰাজ্যিক প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ভিডিঅ’ ৰিভিউ চিষ্টেম আৰু জয়ষ্টিক। ইয়াৰপৰো সকলো পৰ্যায়ৰ খেলুৱৈৰ সুবিধা হোৱাকৈ খেলখনত কোনো ধৰণৰ পঞ্জীয়ন মাচুলৰ ব্যৱস্থা কৰা হোৱা নাছিল।

চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত পদক বিজয়ী খেলুৱৈক পদক প্ৰদান কৰিবৰ বাবে প্ৰতিটো দিনতে বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে আহি অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে। প্ৰথমবাৰৰ বাবে অতি ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত খেলুৱৈ, প্ৰশিক্ষক, ৰেফাৰী, টেকনিকেল অফিচিয়েলকে ধৰি আমন্ত্ৰিত সকলো অতিথি তথা অভিভাৱকসকলক সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়তো এইধৰণৰ যোগাত্মক সহযোগিতা কামনা কৰিছে।

Leave A Reply