Breaking

শিৱসাগৰৰ বকতা চৰুভঙা দিহিঙীয়া গাঁৱত নিশা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ দূৰ্ঘটনাগ্ৰস্ত

0 596

শিৱসাগৰৰ বকতা চৰুভঙা দিহিঙীয়া গাঁৱত নিশা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ দূৰ্ঘটনাগ্ৰস্ত। বাছ দূৰ্ঘটনাত পশুধনৰ মৃত্যু লগতে এখন দোকান মহতিয়াই নিয়াৰ অভিযুগ। চৰুভঙা দিহিঙীয়া গাঁৱত নিশা বাছ দূৰ্ঘটনাগ্ৰস্ত । শিৱসাগৰৰ বকতা চৰুভঙা দিহিঙীয়া গাঁৱত বিগত নিশা অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাচল কৰা এখন AS 04 AC 9410 নম্বৰৰ বাছ দূৰ্ঘটনাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওপানীৰ পৰা ৰিজাৰ্ভ ভাড়াৰে অহা এবাছ যাত্ৰী বকতা মহখুটিত নমাই নাজিৰা অভিমুখে গৈ থকা এই বাছখন বকতা চৰুভঙা দিহিঙীয়া গাঁৱৰ মূল পথৰ পৰা নামি গৈ এখন দোকান মহতিয়াই নিয়াৰ লগতে কাষৰ গোহালিত বান্ধি থোৱা এজনী গাভিনী গাইক খুন্দিয়াই । থিতাতে নিহত গোহালিত বান্ধি থোৱা গাভিনী গাই এজনী । বাছখনৰ চালকজনৰ ভাষ্য অনুসৰি চেপন-চূণপোৰা পথৰ দিচাং দলংখনেৰে ডাঙৰ গাড়ীৰ চলাচল বন্ধ হৈ থকাৰ বাবে হাৰিপৰা ঘাট হৈ নাজিৰালৈ বুলি চমু বাটেৰে আহি থাকোঁতেই এই ঘটনা সংঘটিত হয় ।

অৱশ্যে ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই । পৰৱৰ্তী সময়ত ঘটনাস্থলীত নিশা নেমুগুৰি থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । সচৰাচৰ বাছ চলাচল নকৰা ভিতৰুৱা পথটোত সংঘটিত দূৰ্ঘটনাটোৱে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Leave A Reply