Breaking

ক’ভিড কালৰ ফটোগ্ৰাফীৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য অসমৰ ছাত্ৰৰ

0 2,054

স্থিৰ চিত্ৰ প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ এগৰাকী কিশোৰ ছাত্ৰই সৰ্বভাৰতীয় পৰ্য্যায়ত বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যত কিশোৰজনে  নিজৰ কেমেৰাৰ লেন্সত বন্দী কৰিছিল এটি দুষ্প্ৰাপ্য পক্ষী। এই ফটোখনৰ বাবেই তেওঁ  সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা ফটোগ্ৰাফী প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে।  কিশোৰজন সম্প্ৰতি গুৱাহাটী  মহানগৰৰ ছাই  আৰ এন এছ  বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নবঋষি বৰা। উল্লেখযোগ্য যে নেচনেল ইন্সটিটিউত অব হিমালয়ান এনভায়ৰনমেন্ট,উত্তৰ-পূব কেন্দ্ৰ ইটানগৰ আৰু অৰুণাচল প্ৰদেশ বিজ্ঞানকেন্দ্ৰত যোৱা ২২ মেত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰিছিল। জৈব বৈচিত্ৰ আন্তঃৰাষ্ট্ৰীয় দিবস উপলক্ষ্যে এক সৰ্বভাৰতীয় ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাত  দেশৰ ভিন ভিন ৰাজ্যৰ ১০১ জন প্ৰতিযোগীয়ে অংশ লৈছিল।উক্ত প্ৰতিযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নবঋষিয়ে উঠোৱা    ফেনখনে দ্বিতীয় স্থান লাভ কৰে। কাজিৰঙা বিলুপ্তপ্ৰায় ধনেশ চৰাইৰ ফটো উঠাই সাফল্য কঢ়িয়াই অনা এইজন নহয়নে বৰা হ’ল  জেষ্ঠ সাংবাদিক নব কুমাৰ বৰাৰ পুত্ৰ।এই প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে  ডালমিয়া চিমেন্টত কৰ্মৰত প্ৰেম চেত্ৰী আৰু তৃতীয় স্থান পাইছে  অসমৰ জলসিঞ্চন বিভাগৰ অভিযন্তা দিগন্ত কুমাৰ শইকীয়াই। 

Leave A Reply