Breaking

খাটিখোৱা শ্ৰমিকক মাস্ক বিতৰণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

0 87

ডিমৌ

ক’ৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে লৈছে বিভিন্ন সাৱধানতামূলক ব্যৱস্থা। কিন্তু বাদ পৰি ৰৈছে চাহ শ্ৰমিকসকল। সেয়ে ডিমৌত আটছাৰ উদ্যোগত প্ৰতি দিনাই নিজৰ ভাতমুঠি মোকলাবলৈ প্ৰখৰ ৰ’দত বাগানত পাত চিঙাত ব্যস্ত থকা শ্ৰমিকসকলক একোটাকৈ মাস্ক বিতৰণ কৰে সংগঠনটোৱে। লগতে  ডিমৌ আটছাৰ সম্পাদক বিশ্ব নাগে  শ্ৰমিকসকলৰ মাজত সজাগতাৰ উদ্দেশ্যে হাত  ধুৱাৰ কৌশল, চাফ চিকুনতাৰ বিষয়ে বিতংকৈ বুজাই দিয়ে। তদুপৰি সমাজকৰ্মী শিৱ ভদ্ৰাই জানিবলৈ দিয়ে যে বাগানৰ লাইনে লাইনে ছেনিটাইজেশ্বনৰ এক প্ৰক্ৰিয়াও বুধবাৰৰ পৰা আৰম্ভ কৰা হ’ব৷

Leave A Reply