Breaking

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসম দলৰ চমক, প্ৰথমদিনটোত দুটা সোণসহ পাঁচটা পদক লাভ…

0 16

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত চলি থকা ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে অসমে দুটা সোণসহ মুঠ পাঁচটা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সাধাৰণ সম্পাদক তথা আন্তৰ্জাতিক পৰ্যায়ৰ সাঁতোৰ প্ৰশিক্ষক ৰাজীব দে জনোৱা অনুসৰি তিনিদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোত অসমে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ অসমৰ ইয়েছমিনা খাতুনে প্ৰতিযোগিতাৰ প্ৰথম দিনা এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰে৷ ছাৱ-জুনিয়ৰ ছোৱালীৰ এছ-১০ শাখাত খেলা অসমৰ বৰপেটাৰ কিশোৰী ইয়েছমিনাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত সোণ লাভ কৰাৰ লগতে এশ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক অৰ্জন কৰি অসম দলক প্ৰত্যাশিত আৰম্ভনি দিয়ে৷ ইয়েছমিনাৰ এই সফলতাই উৎসাহিত কৰে অসমৰ অন্য পেৰা সাঁতোৰবিদসকলক৷

ইফালে, অসমক প্ৰথমদিনা দ্বিতীয়টো সোণৰ পদক দিয়ে কৃষ্ণ দাসে৷ জুনিয়ৰ ল’ৰাৰ এছ-১৪ শাখাত খেলা কামৰূপ মহানগৰ জিলাৰ সাঁতোৰবিদ কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইলত সোণ অৰ্জন কৰে৷ ইফালে, অসমৰ আন্তৰ্জাতিক পেৰা সাঁতোৰবিদ আনোৱাৰ ছিকদাৰৰ পৰাও সোণৰ পদক আশা কৰা হৈছিল যদিও প্ৰথমদিনা তেওঁ ৰূপ অৰ্জন কৰে৷ বৰপেটা জিলাৰ অভিজ্ঞ পেৰা সাঁতোৰগৰাকীয়ে পুৰুষৰ এছ বি-৮ শাখাত অংশ লৈ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত দ্বিতীয় হয়৷ ইফালে, প্ৰথমদিনা অসমৰ হৈ একমাত্ৰ ব্ৰঞ্জৰ পদকটো লাভ কৰে ছাজিদা বেগমে৷ মহিলাৰ এছ বি-৯ শাখাত খেলা বৰপেটাৰ ছাজিদাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিনিকী ভূঞা শৰ্মা, সভাপতি চন্দন বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজীব দেৰ লগতে সন্থাৰ অন্যান্য বিষয়ববীয়াসকলে পদকজয়ী পেৰা সাঁতোৰবিদসকলক অভিনন্দন জনাইছে৷

দলৰ লগত মুখ্য প্ৰশিক্ষকৰূপে গোৱালিয়ৰলৈ যোৱা সম্পাদক ৰাজীব দে লগতে কয় যে প্ৰতিযোগিতাখনত অসমৰ অন্য খেলুৱৈসকলেও অন্তিম দিনা নিজৰ নিজৰ ইভেণ্টত পদক অৰ্জন কৰাটো নিশ্চিত৷ উল্লেখ্য যে প্ৰতিযোগিতাত অসমৰ ১৬ জনীয়া সদস্যৰ এটা দলে অংশগ্ৰহণ কৰিছে৷ দিব্যাংগ হোৱাৰ পাছতো অদম্য সাহস আৰু মানসিক দৃঢ়তাৰে সমাজৰ বাবে আদৰ্শ হৈ ৰাজ্যক প্ৰতিনিধিত্ব কৰা পেৰা সাঁতোৰবিদসকল হ’ল পুৰুষ ঃ আনোৱাৰ ছিকদাৰ, কৃষ্ণ দাস, অন্যতম ৰাজকুমাৰ, শ্বাহাদত আলী ছিকদাৰ, আক্কাছ আলী, হুকেশ্বৰ ডেকা, কুতুপ আলী, দেবিলাল মিলি আৰু শ্বাহনেৱাজ আলম৷ আনহাতে মহিলা খেলুৱৈসকল হ’লঃ ধুনু টাঅ’, প্ৰীতি দাস, ৰেবতী নমসুদ্ৰ, ছাজিদা বেগম আৰু য়েছমিনা খাতুন৷ দলৰ আৰু মেনেজাৰ হ’ল খগেন চন্দ্ৰ কলিতা৷

Leave A Reply