Breaking

অসমত পুনৰ মিত্ৰজোটৰ চৰকাৰ হব : অতুল বৰা

0 2,030

৫৬ নং কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি একপ্ৰকাৰ বিধায়ক সত্যব্ৰত কলিতাৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ঘোষণা কৰিলে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ মিত্ৰজোটৰ চৰকাৰ গঠন হব। অহা এপ্ৰিল মাহত হ’বলগীয়া বিধান সভা নিৰ্বাচনতো মিত্ৰজোটৰ অংশীদাৰ হিচাপে চৰকাৰ গঠনত সহযোগী হিচাপে থাকিব অসম গণ পৰিষদ। কমলপুৰ বিধান পৰিষদৰ উদ্যোগত বিহদিয়া হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত এই মন্তব্য কৰে দলৰ সভাপতি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই।কমলপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক দলীয় কৰ্মীক সম্বোধি সভাপতি অতুল বৰাই কয়,বহুতে আমাক বিজেপিৰ ওচৰত বিক্ৰী যোৱা বুলি সমালোচনা কৰে।হয় যোৱা ২০১৬ৰ নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে নিৰ্বাচনী বুজাবুজি অৰ্থাৎ মিত্ৰতা কৰিবলৈ বাধ্য হৈছিলো।কিন্তু মিত্ৰতা মানে আত্ম সমৰ্পন কৰা নুবুজাই।বাস্তৱক স্বীকাৰ কৰি আমি বিজেপিৰ লগত মিত্ৰতা কৰিছো।কাৰণ  মিত্ৰতা নকৰিলে কংগ্ৰেছ আৰু সাম্প্ৰদায়িক শক্তি সমূহে মূৰ দাঙি উঠিব অসমত।সেই কাম আমি কেতিয়াও হবলৈ নিদিওঁ।ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা থাকিলেও আমাৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অটুত থাকিব। মিত্ৰতাত থাকি ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্য্যদা, সম বিকাশ আৰু সম অধিকাৰৰ কাৰণে জোৰ দি যাব অসম গণ পৰিষদে। সেই বাবে আমি চৰকাৰত থাকি ৰাইজৰ কাম কৰি যাম।বৰ্তমানৰ মিত্ৰজোটৰ চৰকাৰ খনক এখন গুড গভৰমেণ্ট আখ্যা দি সভাপতি অতুল বৰাই কব খোজে এই চৰকাৰৰ দিনত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হৈছে ।চৰকাৰৰ সকলো বিভাগতে দুৰ্নীতি মুক্ত পৰিবেশ গঢ়ি উঠিছে ।উন্নয়ন মূলক আচনি সমূহৰ কথা আজি ৰাইজৰ মুখে মুখে প্ৰচলিত হৈছে ।কমলপুৰ সমষ্টিত ৩৫০ কিলোমিটাৰ পথ পকীকৰণ হৈছে মিত্ৰজোটৰ চৰকাৰৰ দিনত ।সত্যব্ৰত কলিতা বিধায়ক হোৱা বাবে সম্ভৱ হৈছে এই কাম ।একাংশ জাতীয়তাবাদী ৰাজনৈতিক নেতা আৰু সাম্প্ৰদায়িক শক্তি সমূহক সকিয়ানি দি কৃষি মন্ত্ৰী অতুল বৰাই কয় যোৱা কেইটামান দিনত আমি য’তে সভা সমিতি কৰিবলৈ গৈছে তাতে দলৰ কৰ্মী সকলক অধিক উদ্যম দেখিছোঁ ।অসম গণ পৰিষদে আগন্তুক দিনত প্ৰগতিশীল মহামন্ত্ৰৰে ৰাইজৰ কাষলৈ ধাৱমান হৈছে ।এই অনিৰুদ্ধ যাত্ৰাক কোনেও ভেটা দিব নোৱাৰে ।যোৱা সময়ত আমি ভুল নকৰা নহয় ।সেই কাৰণে আমি আত্মশুদ্ধি কৰিছোঁ ।আমাৰ দলত নতুন তেজৰ আবিৰ্ভাৱ ঘটিছে ।ছয় বছৰীয়া গণ আন্দোলনৰ ফলত জন্ম গ্ৰহণ কৰা অসম গণ পৰিষদৰে আগন্তুক দিনত নতুন অৰ্থনৈতিক পৰিকল্পনা, নতুন চিন্তাধাৰা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে ।কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই আদৰণি ভাষনেৰে আৰম্ভ কৰা জাতীয় ঐক্য সমাৰোহত আজি দলৰ জ্যেষ্ঠ নেতা বঙাইগাঁও সমষ্টিৰ বিধায়ক যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীক দলৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ।একেৰাহে ৩৫ বছৰ বিধায়ক হৈ অসম গণ পৰিষদ দলৰ সেৱা আগবঢ়াই যোৱা মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে দলৰ এনে কৃতজ্ঞতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি দলীয় কৰ্মী সকলক সম্বোধি কয় অভিনন্দনৰ বাবে মই যোগ্য নহয় ।এই অভিনন্দন বঙাইগাঁও বাসীৰ।জাতীয় ঐক্য সমাৰোহৰ প্ৰসংগত মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে কয় যে ২০১১চনত বিজেপিৰ দখলত আছিল কমলপুৰ ।কিন্তু তাৰ আগৰ পৰা কমলপুৰত অগপৰ ভেটি শক্তিশালী।যাৰ বাবে যোৱা নিৰ্বাচনত বিজেপিয়ে কমলপুৰ সমষ্টি অগপক এৰি দিবলৈ বাধ্য হয় ।২০২১ৰ নিৰ্বাচনতো সত্যব্ৰত কলিতা মিত্ৰজোট হিচাপে অগপৰ প্ৰাৰ্থী হব কমলপুৰত।আজিৰ পৰা সেই শংকা নাই বুলি ঘোষণা কৰে দলৰ জ্যেষ্ঠ নেতা ফণীভূষন চৌধুৰীয়ে।জাতীয় সমাৰোহত উপস্থিত থকা দলৰ আন এজন জ্যেষ্ঠ নেতা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় অগপ দলে ৰাইজৰ বিশ্বাস আৰু আস্থা পাবলৈ সক্ষম হৈছে ।কংগ্ৰেছ আৰু এ আই ইউ ডি এফক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপিৰ সৈতে মিত্ৰতা কৰা হৈছে ।বিশেষকৈ আমাৰ মূল শত্ৰু কংগ্ৰেছ ।কংগ্ৰেছ আৰু সাম্প্ৰদায়িক এ আই ইউ ডি এফ ক্ষমতাত আহিলে অসমীয়া সংখ্যালঘুত পৰিণত হব।আনকি অগপৰ নেতা সকলক ক’লা পতাকা দেখুৱা সকলকো সতৰ্ক কৰি দিয়ে দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ।প্ৰায় দেৰ ঘন্টা পলমকৈ দিনৰ ১২,৩০বজাৰ পৰা আৰম্ভ হোৱা কমলপুৰ বিধান পৰিষদৰ জাতীয় ঐক্য সমাৰোহত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক ভূপেন ৰয়,মনোজ শইকীয়াৰ লগতে মহিলা কোষৰ নেত্ৰী তথা বিশিষ্ট কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে দলীয় কৰ্মী সকলক অভিনন্দন জনাই দুটি গীত পৰিবেশন কৰি মনোৰঞ্জন দিয়ে।

Leave A Reply