Breaking

ক’ৰোনা ভাইৰাছৰ সংক্রমণত উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ ক্ষতিগ্ৰস্ত ৰাজ্য অসম, ত্ৰিপুৰা ।

0 178

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

সংখ্যাৰ ফালৰ পৰা বেছি নহয় যদিও সোমবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ক’ৰনা ভাইৰাছ সম্পৰ্কে এক ডাঙৰ তথ্য জানিব পৰা গৈছে৷ ত্ৰিপুৰাত এদিনতে ১০০টাৰো বেছি আক্ৰান্ত সংযোজন কৰা হৈছে৷ অৰুণাচল প্ৰদেশত সংক্ৰমণ ৪ ৰ পৰা ২০ আৰু মণিপুৰত ৭৮ৰ পৰা ৮৩ পাইছেগৈ৷ এই অঞ্চলত অসম আৰু ত্ৰিপুৰা সবাতোকৈ ক্ষতিগ্রস্থ ৰাজ্য৷ অসমত এই মুহূৰ্তত দেশৰ অন্যতম দ্ৰুত বৃদ্ধি ৰাজ্য৷ যোৱা এসপ্তাহত  সংক্ৰমণৰ সংখ্যা প্ৰায় তিনি গুণ বাঢ়িছে৷ ২৫ মে’ত ৫২৬ৰ পৰা ১৫১৩লৈ বাঢ়িছে৷ ৪.৫ দিনত ইয়াৰ সংখ্যা হ’ল দুগুণ৷ সোমবাৰে ৰাজ্যখনত ১৯২জন আক্ৰান্ত হয়৷ ত্ৰিপুৰাত ধালাই জিলাৰ বিএছএফ শিবিৰৰ ১৫০জন আক্ৰান্ত হয়৷ আনহাতে অসম আৰু আন কেইখনমান ৰাজ্যত প্ৰৱজিত শ্ৰমিকৰ পৰা নতুনকৈ আক্ৰান্ত হৈছে৷ ত্ৰিপুৰাত ৪১৮ লৈ আক্ৰান্তৰ সংখ্যা বাঢ়িছে৷ যোৱা এটা সপ্তাহত ৰাজ্যখনত ২২০জন নতুন আক্ৰান্ত পোৱা যায়৷ নাগালেণ্ডত সোমবাৰে পোৱা ছজনক লৈ মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ৪৯ জন৷ মেঘালয়ত নতুন এজনসহ মুঠ ২৮জন আৰু মিজোৰাম, ছিক্কিমত এজনকৈ আক্ৰান্ত৷ 

Leave A Reply