Breaking

শিলচৰত অনুষ্ঠিত উত্তৰ-পূব অলিম্পিক গেমছত অসমৰ ১০০টা পদক অতিক্ৰম…

0 65

আধিপত্য অক্ষুণ্ণ ৰাখি অসমে আজি শিলচৰত অনুষ্ঠিত দ্বিতীয় উত্তৰ-পূব অলিম্পিক গেমছত পদকৰ সংখ্যাত ১০০ৰ নম্বৰ অতিক্ৰম কৰিলে। পঞ্চম দিন অন্ত পৰাৰ পাছত অসমে ১০৮টা পদকেৰে শীৰ্ষস্থান দখল কৰে য’ত আছিল ৪৪টা সোণ, ৩৮টা ৰূপ আৰু ২৬টা ব্ৰঞ্জ। ৪০টা সোণ, ৩৫টা ৰূপ আৰু ৩৯টা ব্ৰঞ্জৰ সৈতে দ্বিতীয় স্থানত আছে মণিপুৰ । আজি অসমে সাঁতোৰ, বেডমিণ্টন শ্বুটিং, কাৰাটে আদি বিভিন্ন খেলত পদক লাভ কৰে।

সাঁতোৰঃ এই প্ৰতিযোগিতাৰ সামৰণি দিনটোত অসমে আধিপত্য বিস্তাৰ কৰি আৰু ৭টা পদক সংগ্ৰহ কৰে। মুঠ ৬৬টা পদক পুলত সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰে ৩৬টা পদক অসমে লাভ কৰে য’ত ২০টা সোণ, ১২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক আছিল। ৰাজ্যিক সাঁতোৰবিদ জননজয় জ্যোতি হাজৰিকা আৰু ঝানাবী কাশ্যপেও এই মিটত শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা সাঁতোৰবিদৰ খিতাপ দখল কৰে। জননজয়ে ৩টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে জাহ্নবীয়ে পুলৰ পৰা চাৰিটা সোণৰ পদক লাভ কৰে।

কাৰাটেঃ সোমবাৰে কাৰাটেত অসমে এটা স্বৰ্ণসহ ৬টা পদক লাভ কৰে। ৪৫ কেজি শাখাত অবিনাশ দাসে অকলশৰীয়া স্বৰ্ণ পদক লাভ কৰে।

ভাৰোত্তোলনঃ আজি এই প্ৰতিযোগিতাত অসমে ৫টা পদক লাভ কৰে। পাঁচটা পদকৰ ভিতৰত এটা স্বৰ্ণ আৰু সেইটো সংগ্ৰহ কৰে বৰ্ণালী বৰাই ৪৯ কেজি ওজন শাখাত।

শ্বুটিংঃ সোমবাৰে অসমে এই শাখাত ৮টা পদক সংগ্ৰহ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত পুৰুষৰ দলে স্বৰ্ণ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শাখাত এই ইভেণ্টতো ৱাই গৌতমে স্বৰ্ণ পদক সংগ্ৰহ কৰে।

বেডমিণ্টনঃ অসমে আজি বেডমিণ্টনত ভাল শ্ব’ দেখুৱাই একাধিক পদক লাভ কৰে য’ত ৩টা স্বৰ্ণও অন্তৰ্ভুক্ত। মহিলা একক শাখাত ইছাৰাণীয়ে স্বৰ্ণ জয় কৰাৰ বিপৰীতে পুৰুষৰ ডাবলছত জয়ৰাজ পেগু আৰু তন্ময় বিকাশে স্বৰ্ণ সংগ্ৰহ কৰে। মিক্সড ডাবলছত অসমে ইছাৰাণী আৰু জয়ৰাজৰ জৰিয়তে সোণৰ পদক লাভ কৰে।

সোমবাৰে অসমৰ বাবে পদক বিজয়ী অন্যান্য ইভেণ্টৰ ভিতৰত মল্লযুঁজ, জুডো, টেনিছ আৰু বক্সিং আদি অন্যতম। বাস্কেটবলত অসম পুৰুষৰ দলে নাগালেণ্ডক ৭৩-৭১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

Leave A Reply