Breaking

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টনত অসম দলৰ ১৭ টাকৈ সোণৰ পদক লাভ

0 82


উত্তৰ প্ৰদেশৰ বাৰণসীত মাষ্টাৰ গেম ফেডাৰেচনৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টন শাখাৰ প্ৰতিযোগিতাত অসমৰ ১১জনীয়া পুৰুষ-মহিলাৰ দলটোৱে উভয় শাখাতে উল্লেখনীয় প্ৰদৰ্শনৰে ১৭ টাকৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

তেনেদৰে দলটোৱে ৯ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দলটোৰ খেলুৱৈ সকলৰ সদস্য সকল আছিল ক্ৰমে – মাইন্টু কুমাৰ ভাগৱতী, কাচে তেৰাংপী, ডাঃ জেকুইলিন তেৰাংপী, মেলডি কাঠাৰপি , জুবিনা বেইপি , এপ্ৰিল বেইপি , চামপ্ৰি তেৰাংপী , থং টেৰণ , জ্ঞান ৰঞ্জন বৰা , সঞ্জয় মজুমদাৰ আৰু সন্দ্বীপ চক্ৰৱৰ্তী।

দলটোৱে প্ৰতিযোগিতাত ৩৫ কেজিৰ পৰা আৰম্ভ কৰি ৬০ কেজি ওজনলৈকে ভাগ লৈছিল।

Leave A Reply