Breaking

কেৰালাত ১০ কোটি টকাৰ লটাৰীত জয়লাভ অসমৰ এজন যুৱকৰ…

0 104

কেৰালাত ১০ কোটি টকাৰ লটাৰীত জয়লাভ অসমৰ এজন যুৱকৰ। কেৰালা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰী ২০২৩ বি আৰ-৯০ত ১০ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰি নিশাৰ ভিতৰতে কোটিপতি হৈ পৰিছে অসমৰ এগৰাকী যুৱক। যুৱকজনৰ নাম এলবাৰ্ট গীতা, এলবাৰ্টয়ে মালয়ালম চলচ্চিত্ৰ অভিনেতা ৰজনী চাণ্ডীৰ কোচিৰ ঘৰত সহকাৰী হিচাপে কাম কৰে।এলবাৰ্টে লটাৰী এজেন্সীৰ পৰা SE 222282 নম্বৰৰ টিকটটো ক্ৰয় কৰিছিল আৰু দেওবাৰে সন্ধিয়া তেওঁক তেওঁৰ জয়ৰ বিষয়ে জনোৱা হৈছিল। কোচিৰ বেংকত টিকট জমা দি পুৰস্কাৰৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে। এলবাৰ্টে তেওঁ নিজৰ সৌভাগ্যৰ বাবে আনন্দত আত্মহাৰা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে।

কৰ কৰ্তন কৰি এলবাৰ্টে লাভ কৰিব ৬.৫ কোটিতকৈ অধিক টকা। টিকটৰ দাম আছিল ২৫০ টকা। এলবাৰ্ট অসমৰ ডিব্ৰুগড় জিলাৰ এজন যুৱক। ১৯৯৫ চনত কাম বিচাৰি কেৰালালৈ গৈছিল যুৱকজন। ‘অৰু মুথাছি গধা’, ‘গান্ধিনগৰিল উন্নিয়াৰ্চা’ আদি ছবিৰ বাবে পৰিচিত ৰজনী চাণ্ডীৰ বাবে বহু বছৰ ধৰি কাম কৰি আহিছে এলবাৰ্টে। ৰজনীয়ে কয় যে এলবাৰ্ট এজন নিষ্ঠাবান আৰু কঠোৰ পৰিশ্ৰমী কৰ্মচাৰী আছিল আৰু তেওঁৰ বাবে তেওঁ সুখী আছিল।

কেৰেলা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰী ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় লটাৰী, টিকটৰ মূল্য ২৫০ টকাকৈ। ১৯ মাৰ্চত তিৰুৱনন্তপুৰমৰ গৰ্কি ভৱনত অনুষ্ঠিত হৈছিল এই ড্ৰ’।

Leave A Reply