অসম

Bhupen Hazarika: ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী

ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।

Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …

Zubeen Garg । জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই । জুবিন গাৰ্গক অকল কন্ঠশিল্পী বুলি কলে ভূল কোৱা হ'ব । সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ । প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়া প্ৰয়োজন , প্ৰকৃতি ভালপোৱা জুৱিন গাৰ্গে সাধাৰণ মানুহক ভাল পায় । মানুহৰ লগতে থাকি ভালপোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গে ।

A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

প্ৰায় দুকুৰি দুবছৰৰ অন্তত(A Call to Friendship) গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ(Natural Beauty of the Brahmaputra) মাজত দেওবাৰে পুনৰ মিলিত হ'ল নলবাৰীৰ চৰকাৰী গৰ্ডন(Gordonians) উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী।

Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু

কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।

Tree: দীঘলীপুখুৰীৰ দৰে ৰাজ্যৰ বন ধ্বংস বন্ধ কৰাৰ আহ্বানাৰে কলিয়াবৰত এজোপা অমৰা গছৰ জন্মদিন পালন

দেশ-ৰাজ্যত সেউজ পৰিৱেশ জীয়াই ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী-উৎসৱ পালন কৰা হয়(Tree)। কিন্তু চৰকাৰ বা কৰ্তৃপক্ষই যি এক বাৰ্তা জনগণলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰে সেই বাৰ্তা কিমান কাৰ্যকৰী হয়, সেয়া সকলোৱে জানে(Dighalipukhuri)।

Popular