Breaking

হিন্দী চলচিত্ৰ মুঝে স্কুল নেহি জানা নিৰ্মাণেৰে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰিলে অসম সন্তান নিপন ধলুৱাই ! নেপাল সংস্কৃতি আৰু চলচ্চিত্ৰ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত মহোৎসৱত জিলিকিল হিন্দী বোলছবি…

0 37

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা হিন্দী বোলছবি ‘মুঝে স্কুল নেহি জানা’ই এইবাৰ ৫ম নেপাল কালচাৰেল ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰে।যোৱা ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে নেপালত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত ছবিখনৰ পৰিচালক নিপন ধলুৱাই এই বঁটা গ্ৰহণ কৰে। হিন্দী বোলছবি নিৰ্মাণ কৰি সমগ্ৰ ভাৰততে প্ৰশংসিত হোৱা অসম সন্তান নিপন ধলুৱাৰ নৱনিৰ্মিত ছবি ‘মুঝে স্কুল নেহি জানা’ এই হিন্দী বোলছবিখনে ইতিমধ্যে ১৫০ টাৰো অধিক ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

NBDK প্ৰডাকচনৰ নিবেদনত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা নিপন ধলুৱাৰ, প্ৰযোজনা বৰ্ণালী ধলুৱাৰ। ছবিখনত অভিনয় কৰিছে কেথৰিন ধলুৱা, চনিকা চোপ্ৰা, ৰশ্মি গুপ্তা, মাধুৰিমা চৌধুৰী, ৰিয়া শ্বিধৱানী, মৌ মন, দিচান ধলুৱা আদিয়ে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী ড° জছপিন্দৰ নোৰেলা আৰু দিচান ধলুৱাই, সংগীত কৰিছে বিভূতি গগৈয়ে।

উল্লেখ্য যে, ইতিমধ্যে মি এণ্ড মাই চিষ্টাৰ, প্ৰত্যাহ্বান, মৰীচিকা, আহি আছে আদি কেইবাখনো অসমীয়া বোলছবিৰ লগতে বহুকেইকেইখন ছুটি ছবি দৰ্শকক উপহাৰ হিচাপে আগবঢ়োৱা পৰিচালক অসম সন্তান নিপন ধলুৱাই “মুঝে স্কুল নহি জানা” ছবিখন বিভিন্ন ঠাইৰ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত চিত্ৰগ্ৰহণ কৰা বুলি জনোৱাৰ লগতে তেওঁ কয় যে, ছবিখনৰ জৰিয়তে দৰ্শকে এক সুন্দৰ বাৰ্তা লাভ কৰিবলৈ সক্ষম হ’ব।

Leave A Reply