Breaking

অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…

0 37

অসমীয়া শিশু সাহিত্যিকসকলৰ ভিতৰত এজন অন্যতম প্রতিভাশালী শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ ক্ষেত্ৰখন আছিল যথেষ্ট ব্যাপক। তেওঁ শিশুৰ বাবে গীত, কবিতা, নাটক, গল্প, উপন্যাস, সাধুকথা, বিভিন্ন জ্ঞানমূলক ৰচনা, ৰামায়ণ আৰু উপনিষদৰ কাহিনীকে ধৰি, শিশুক বর্ণমালা পৰিচয়, উচ্চাৰণ আৰু শব্দৰ জ্ঞান দিব পৰা এক বিশাল আৰু বৰ্ণাঢ্য শিশু সাহিত্য ৰচনা কৰি থৈ গৈছে। উল্লেখযোগ্য যে তেওঁ শিশুসকলৰ বাবে ৰচনা কৰা সাহিত্যসমূহৰ প্ৰতিটো দিশতে এনে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল যাৰ বাবে ‘এখুদ ককাইদেউ’ নামেৰে নৱকান্ত বৰুৱাই শিশুসকলৰ মাজত জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। শিশুসকলৰ মাজত তেওঁৰ জনপ্রিয়তালৈ লক্ষ্য ৰাখিয়েই মহেন্দ্ৰ বৰাই জাতিষ্মৰ কবিতাটোত এইদৰে কৈছে-“মাজে মাজে খদ্দৰৰ চুট পিন্ধে / টাই মাৰে গেৰুৱা ৰঙৰ/ কণ কণ ল’ৰা-ছোৱালীয়ে সপোন দেখে / সেইজন চুটি মানুহৰ।”


নৱকান্ত বৰুৱা হ’ল এনে এজন শিশু সাহিত্যিক যিজনে শিশুৰ বাবে নিচুকণি গীত, বর্ণমালা পৰিচয়, শব্দৰ উচ্চাৰণ আৰু বানান, ভাষাজ্ঞান, কবিতা, পদ্য, নাটক, গল্প, উপন্যাস, সাধুকথা, গীত, শিশুক বিভিন্ন জ্ঞানৰ সম্ভেদ দিবলৈ বিভিন্ন জ্ঞানমূলক ৰচনাৰ সৃষ্টি কৰিছে। ভাব আৰু ভাষাৰ অপূৰ্ব সমাহাৰেৰে, বিভিন্ন স্তৰৰ শিশুৰ উপযোগীকৈ শিশু সাহিত্যৰ আটাইকেইটা বিভাগতে সাহিত্য ৰচনা কৰি অসমীয়া শিশু সাহিত্যলৈ যি বিশাল, বর্ণাঢ্য বৈচিত্র্যপূর্ণ মাত্রা প্রদান কৰি থৈ গ’ল সিয়েই তেওঁক অসমীয়া শিশু সাহিত্যৰ বুৰঞ্জীত এক বিশেষ স্থান প্রদান কৰিছে। দুই এটা কথা ক’ব পৰা শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ বা চেমনীয়া সকলোলৈকে তেওঁ বিবিধ সাহিত্য সৃষ্টি কৰিছিল। কিশোৰ ৰামায়ণ আৰু কিশোৰ উপনিষদ হ’ল নৱকান্ত বৰুৱাৰ চেমনীয়াসকলৰ বাবে ৰচিত দুখন অন্যতম শিশু সাহিত্য। তেওঁৰ এই বিবিধ আৰু বর্ণাঢ্য শিশু সাহিত্যসমূহৰ জৰিয়তে শিশু মনৰ খোৰাক যোগোৱাৰ লগতে শিশু মনৰ কৌতূহল আৰু অনুসন্ধিৎসা দূৰ কৰিবলৈও সক্ষম হৈছে।

দেশ-বিদেশৰ বিভিন্ন সাহিত্যিকৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ অসমীয়া শিশু সাহিত্যিক নতুন নতুন উপাদানেৰে সমৃদ্ধ কৰা বাবে নৱকান্ত বৰুৱাই শিশুসকলৰ মাজত অধিক জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। অর্থাৎ ৰবীন্দ্ৰনাথ, সুকুমাৰ ৰায়, লুইছ কেৰল, এডৱাৰ্ড লীয়ৰ, কৰ্ণেই চুকভস্কি আদি দেশী-বিদেশী বিভিন্ন সাহিত্যিকৰ প্ৰেৰণা লাভ কৰি তেওঁলোকৰ সাহিত্যৰে প্রভাৱান্বিত হৈ নৱকান্ত বৰুৱাই তেওঁৰ শিশু সাহিত্য সৃষ্টি কৰিছিল। নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সৃষ্টিসমূহলৈ মন কৰিলে দেখা যায় যে তেওঁ বিভিন্ন ছদ্মনামত এইসমূহ ৰচনা কৰিছিল। অর্থাৎ এখুদ ককাইদেউ, এখুদ ভাইটি, এখুদ ককা, সপোন ককা, ন-আইতা, সীমা দত্ত, নতুন ককাইদেউ, ধেনুবৰ বিপ্র ইত্যাদি বিভিন্ন ছদ্মনামেৰে নৱকান্ত বৰুৱাই শিশুৰ বাবে বিভিন্ন সাহিত্য ৰচনা কৰিছিল। তেওঁৰ এই শিশু সাহিত্যৰাজিক ‘প্ৰাণৰ সাহিত্য’ আৰু ‘জ্ঞানৰ সাহিত্য’ এই দুটা ভাগত ভাগ কৰিব পাৰি। অসমীয়া শিশু সাহিত্যৰ বুৰঞ্জীত নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰাজিৰ ভাষাৰ এক সুকীয়া সৌন্দর্য আছে। নিভাঁজ ঘৰুৱা অসমীয়া শব্দৰ অপূৰ্ব সমাহাৰ, ধ্বন্যাত্মক শব্দৰ যথাযথ আৰু সুন্দৰ প্ৰয়োগ, সহজ-সৰল শিশু উপযোগী শব্দ তথা ভাষাৰ প্ৰয়োগ, শিশু মনস্তত্ত্বৰ মনোৰম প্ৰকাশ, সুন্দৰ তথা আকর্ষণীয় কথনভংগী ইত্যাদিৰ প্ৰয়োগে নৱকান্ত বৰুৱাৰ শিশু সাহিত্যক আকর্ষণীয় কৰি তুলিছে। নৱকান্ত বৰুৱাই শিশুসকলৰ মনোৰঞ্জন আৰু বিভিন্ন জ্ঞান প্রদান এই দুয়োটা উদ্দেশ্য সমান্তৰালভাৱে আগত ৰাখি শিশুৰ বাবে সাহিত্য সৃষ্টি কৰা বাবেই ছাগৈ তেওঁ শিশু সাহিত্যিক হিচাপে কেৱল শিশুৰ মাজতে নহয়, সেই সাহিত্যৰে ডাঙৰকো আকৰ্ষণ কৰি ডাঙৰসকলৰ মাজতো যথেষ্ট জনপ্রিয়তা লাভ কৰে। শিশুসকলৰ চৰিত্ৰ গঠন তথা দেহ মনক এক সুস্থ আৰু নিটোল ৰূপ দিয়াৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ শিশু সাহিত্যসমূহে যথেষ্ট অৱদান আগবঢ়াব পাৰিব।

তাৰোপৰি, তেওঁৰ শিশু সাহিত্যসমূহলৈ মন কৰিলে এটা কথা প্রতীয়মান হয় যে তেওঁৰ এই ৰচনাসমূহত শিশু মনস্তত্ব সুন্দৰভাৱে প্রকাশিত হৈছে। নৱকান্ত বৰুৱাই শিশুৰ মনস্তত্ব ভালদৰে জানিছিল আৰু শিশুৰ সেই মানসিক জগতখনৰ লগত সঙ্গতি ৰাখি শিশু সাহিত্যসমূহৰ মাজত শিশু মনস্তত্বৰ জ্ঞান সন্নিবিষ্ট কৰিছিল। তেওঁৰ শিশু সাহিত্যত প্রতিফলিত শিশু মনস্তত্বৰ সমলসমূহে শিশু মনস্তত্বৰ জ্ঞানৰ গভীৰতা দাঙি ধৰে। এগৰাকী শিশু সাহিত্যিক হিচাপে নৱকান্ত বৰুৱাৰ শিশু মনস্তত্বৰ জ্ঞানৰ পৰিসৰ কিমান সেই কথা তেওঁৰ শিশু সাহিত্যসমূহ বিশ্লেষণ কৰিলে বুজা যায়। শিশুৱে সদায় অদ্ভুত, অলৌকিক কল্পনা ৰাজ্যত বিচৰণ কৰে য’ত যুক্তি বা বাস্তৱৰ কথাই ঠাই নাপায়। নৱকান্ত বৰুৱাই তেওঁৰ সাহিত্যৰ মাজত শিশুৰ এই মানসিকতাৰ ছবি বৰ সুন্দৰভাৱে দাঙি ধৰিছে। নিদর্শন স্বৰূপে ‘ঘটনা’, ‘ফলাফল’,’ খৰা শিয়ালৰ বিয়া’ আদি কবিতাত শিশুৰ অস্বাভাৱিক, অলৌকিক, কাল্পনিক জগতখনৰ চিত্ৰ ফুটি উঠিছে। সেইদৰে শিশুৰ টেঙৰালি, বুদ্ধিমত্তাৰ চিত্ৰ পোৱা যায় ‘লঘোণ’ নামৰ এই মনোৰম কবিতাটিত। শিশুসকলে সাধাৰণতে খেল-ধেমালি কৰি, হাঁহি-আনন্দৰ মাজত বুৰ গৈ থাকিবলৈ ভাল পায়। সংসাৰৰ জটিল তথা গভীৰ কথাবোৰত মনোনিবেশ কৰিব নোৱাৰে। সেয়ে শিশুৰ সেই মানসিকতাৰ ছবি ‘ওমলা ঘৰৰ হাঁহি’ নামৰ কবিতাটোত প্রকাশিত হৈছে। প্রকৃতি জগতৰ বিভিন্ন বস্তুবোৰৰ লগত শিশুৰ এক নিবিড় সম্পর্ক পৰিলক্ষিত হয়। প্রকৃতি জগতৰ বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটিৰ লগত খেল-ধেমালি কৰি, সিহঁতৰ বিভিন্ন মাত মাতি শিশুৱে বিমল আনন্দ লাভ কৰে। নৱকান্ত বৰুৱাই কাৰ কি মাত কবিতাৰ মাজেৰে শিশুৰ সেই মানসিকতাৰ ছবি দাঙি ধৰিছে। সেইদৰে প্ৰকৃতি জগতৰ কেইটামান কীট-পতঙ্গক চৰিত্ৰ হিচাপে অংকন কৰি গধুৰ বিষয়বস্তু পাতলীয়া ভঙ্গীৰে উপস্থাপন কৰি নৱকান্ত বৰুৱাই ‘কেৰেলুৱাৰ ৰেল’ নাটকখন ৰচনা কৰিছে। শিশুৰ যুক্তি আৰু বিচাৰেৰে ঢুকি নোপোৱা কল্পনাৰ জগতখনৰ চিত্ৰ ই দাঙি ধৰে। শিশুৰ পৃথিৱীত সকলো জীৱ-জন্তু, চৰাই-চিৰিকটি, মাছ-কাছ ইত্যাদিয়ে কথা ক’ব পাৰে। সেয়ে মনত পৰা শব্দ নাটকৰ মাজেৰে বিভিন্ন মাছ-কাছৰ মাজেৰে শিশুক শব্দ সম্পর্কীয় জ্ঞান দিবলৈ বিচৰা হৈছে। সেইদৰে এটা সাধাৰণ টুনি চৰাইৰ প্ৰখৰ বুদ্ধিমত্তা আৰু উপস্থিত বুদ্ধিৰ পৰিচয় ফুটি উঠিছে’ মই টুনিয়ে টুনটুনালোঁ’ নামৰ নাটকখনত। টুনিৰ উপস্থিত বুদ্ধি, অস্বাভাৱিক তথা অতিৰঞ্জিত বর্ণনা আৰু ছন্দৰ ঝঙ্কাৰে নাটকখনক সুখপাঠ্য কৰি তুলিছে। শিলৰ চোলা নাটিকাখনেও শিশুৰ অবাস্তৱ আৰু অলৌকিক মানসিকতাৰ ছবিয়েই দাঙি ধৰিলৈ যত্ন কৰিছে।

শিশু মন অনুসন্ধিৎসু আৰু কৌতূহলপ্রিয়। উদ্ভট কল্পনা আৰু অলৌকিক জগতত বিচৰণ কৰি শিশুৱে এক অনাবিল আনন্দ লাভ কৰে। শিশু মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটা নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ অন্যতম শ্রেষ্ঠ কীর্তি হ’ল-‘ শিয়ালী পালেগৈ ৰতনপুৰ’ নামৰ গ্রন্থখন। এইখন গ্ৰন্থৰ বাবে ১৯৫৮ চনত নৱকান্ত বৰুৱাই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। জোন নামৰ এটি ল’ৰাৰ জৰিয়তে নৱকান্ত বৰুৱাই গ্রন্থখনত বাস্তৱ জগতৰ লগত নিমিলা কিছুমান উদ্ভট আৰু অলৌকিক কথাৰ অৱতাৰণা কৰা দেখা গৈছে। শিশুৰ মনত জীৱ আৰু জড়জগতৰ মাজত কোনো পার্থক্য নাই। শিশুৱে সকলো বস্তুকে একে জ্ঞান কৰি সকলোৰে লগত খেল- ধেমালি কৰি একে ব্যৱহাৰ কৰে। শিয়ালী পালেগৈ ৰতনপুৰ নামৰ গ্ৰন্থখনত কিছুমান উদ্ভট আৰু অবাস্তৱ কথাই ঠাই পাইছে যিবোৰ শিশুৰ সৰল আৰু অযুক্তিকৰ মনোজগতৰ বাবে অতি আপোন। জোনে ৰতনপুৰলৈ যাবলৈ দহটা আলি লগলগা আলি কেঁকুৰিটোৰ মাজত থিয় হোৱা, আলিবাটকেইটাই কথা কোৱা, ক’ৰবাৰ টেলিফোন এটা আহি জোনৰ লগত কথা কোৱা, জোনে বিভিন্ন বস্তু দেখিবলৈ পোৱা আদি বর্ণনা অবাস্তৱ আৰু অলৌকিক বর্ণনা। সেইদৰে চিলনীয়ে ঠেঙত এখন চালনী লৈ উৰি যোৱা, চালনীত দুটা মাল শুই থকা, জোনৰ পকেটৰ বিস্কুট কাঁচলৈ পৰিৱৰ্তন হোৱা, কাঁচখনেৰে চাওঁতে জোন চালনীৰ ফুটাৰে তললৈ সৰি পৰা, তৰাবিলাকে জোনক ধৰি থিয় কৰাই দিয়া বর্ণনাও অদ্ভুত আৰু বিস্ময়কৰ। অৱশ্যে শিশুৰ মানসিকতাৰ লগত সঙ্গতি ৰাখি বর্ণনা কৰা এনে বিষয়সমূহৰ মাজেৰে শিশুৱে জানিবলগা বিভিন্ন কথাৰ সম্ভেদ দিছে। সৰু ল’ৰা-ছোৱালীৰ ভূতৰ প্ৰতি এক অহেতুক ভয় থাকে। নৱকান্ত বৰুৱাই’ ভ ত ঊকাৰে ভূ’ নামৰ গ্ৰন্থখনৰ মাজেৰে এটা সত্য ব্যক্ত কৰিছে। অর্থাৎ আচলতে ভূত বুলি কোনো বস্তু নাই, মানুহৰ মনৰ দুৰ্বলতাহে যে ভয়ৰ প্ৰধান কাৰণ সেই কথা গ্রন্থখনত এটা কাহিনীৰ মাজেৰে ব্যক্ত কৰিছে। সেইদৰে বিভিন্ন গল্প আৰু সাধু কথাৰ মাজেৰেও শিশুৰ মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটিছে। এইদৰে নৱকান্ত বৰুৱাই শিশু সাহিত্যসমূহৰ জৰিয়তে শিশুৰ মানসিক জগতৰ বিভিন্ন ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। সেইদৰে ‘মাখনৰ কুকুৰা পোৱালি’ চাৰিটা মনোমোহা গল্পৰ সমষ্টি। গল্পকেইটা সৰল যদিও লিখকৰ বুদ্ধিদীপ্ত পৰ্যবেক্ষণৰ পৰিচয় বহন কৰিছে। তদুপৰি গল্পকেইটাৰ মাজেৰে শিশু মনৰ চাতুর্যও প্রকাশিত হৈছে। মুঠতে নৱকান্ত বৰুৱাই শিশুৰ মনোজগতখন ভালদৰে অধ্যয়ন কৰিব পাৰিছিল আৰু সেয়ে শিশুৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিব পৰা বিভিন্ন বিষয় তেওঁৰ শিশু সাহিত্যত অন্তর্ভুক্ত কৰিছিল। শিশুৱে যাতে নিতৌ দেখি থকা ঘটনা, জীৱ-জন্তু, পশু-পক্ষী, গছ-বন আদিৰ সম্পৰ্কে খুটি-নাতি মাৰি জানি সিহঁতৰ মানসিক উত্তৰণ তথা বুদ্ধিৰ বিকাশ ঘটাব পাৰে তাৰ প্ৰতি নৱকান্ত বৰুৱা অতিশয় সচেতন আছিল। অৱশ্যে নৱকান্ত বৰুৱাই তেওঁৰ শিশু সাহিত্যসমূহৰ মাজেৰে শিশুক যি জ্ঞানৰ সম্ভেদ দিবলৈ চেষ্টা কৰিছে সি কেৱল শিশুৰ বাবেই যে উপযোগী এনে নহয়, শিশুৰ লগতে ডাঙৰকো এইবোৰে বহুত নজনা কথা জনাবলৈ সুবিধা দিছে।

শিশুসকলৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে। শিশু অৱস্থাতে সুস্থ মন আৰু সৎ কৰি তুলিব পাৰিলেহে শিশু মনক সুন্দৰভাৱে গঢ় দিব পাৰি। সেয়ে নৱকান্ত বৰুৱাই শিশুক উপযুক্ত ৰূপত গঢ়ি তুলিবলৈ শিশুৰ মানসিক জগতৰ লগত মিলাকৈ বিষয়বস্তু উপস্থাপন কৰি শিশু সাহিত্যসমূহ সৃষ্টি কৰিছিল। তদুপৰি শিশুৰ মানসিক উত্তৰণৰ লগে লগে শিশুৱে যাতে মাতৃ ভাষাৰ জ্ঞান লাভ কৰি ভাষাটো বিশুদ্ধ ৰূপত শিকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত আখৰৰ জ্ঞান, শব্দৰ জ্ঞান, উচ্চাৰণ, বানান আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মুঠতে নৱকান্ত বৰুৱাৰ এগৰাকী শিশু সাহিত্যিক হিচাপে শিশু মনস্তত্ত্বৰ জ্ঞান যে প্রবল আছিল সেই কথা তেওঁৰ বিচিত্ৰ আৰু বৰ্ণাঢ্য শিশু সাহিত্যসমূহে দাঙি ধৰিবলৈ সক্ষম হৈছে।

Leave A Reply