Breaking

অসমীয়া চলচ্চিত্ৰ “অকমান” ২৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত

0 199

এইবেলি ডিচেম্বৰ মাহৰ ১৫ৰ পৰা ২২ তাৰিখলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি  “অকমান” ভাৰতীয় কথাছবি প্ৰতিযোগিতা শিতানলৈ নিৰ্বাচিত হৈছে। উজনি অসমৰ এখন ভিতৰুৱা গাঁ‌ৱৰ ১২ বছৰীয়া ল’ৰা অকমানে স্কুলত আয়োজন কৰা স্বাধীনতাৰ দিৱসৰ দিনা অজানিতে কৰা ভুলৰ বাবে জাতীয় পতাকাখন খোল নোখোৱাত শিক্ষকৰ পৰা শাস্তি পায়।  সেই দিনধৰি অকমানে এখন জাতীয় পতাকা কিনি উৰাবলৈ নিজৰ মনতে সংকল্প লয় । অকমানে এনেতে এদিন ভঁৰালত এখন নতুন পতাকা বিচাৰি পায়,যিখন জাতীয় পতাকা নাছিল, সেইখন আছিল তাৰ পিতৃয়ে এৰি থৈ যোৱা পতাকা। ক্ৰমান্বয়ে তাৰ হেৰাই যোৱা পিতৃ আৰু  পতাকাখনৰ প্ৰতি অকমান  আকৃষ্ট হৈ পৰে। কালক্ৰমত পুত্ৰ অকমানে এদিন পিতৃৰ পতাকা খনক লৈ দুৰ্বিপাকত পৰে আৰু সেই উপলব্ধিক মূল বিষয়বস্তু হিচাপে লৈ কাহিনীয়ে গতি কৰে ।


উল্লেখ্য যে  প্ৰাঞ্জল কে শইকীয়াই পৰিচালনা কৰা এইখন তেওঁৰ প্ৰথম কথাছবি। উক্ত চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিনহা, ভাস্কৰ দত্ত আৰু প্ৰাঞ্জল কে শইকীয়াই।  কথা ছবিখনৰ সহ প্ৰযোজনাত আছে দীপাংকৰ জোনাক বৰুৱা । ‘অকমান’ৰ নাম ভূমিকাত ভূপেন গগৈয়ে অভিনয় কৰাৰ লগতে সন্ধ্যা হাজৰিকা, বিশ্বজিৎ সন্দিকৈ, অষ্ট্ৰিয়ানা দিহিঙ্গীয়া, ৰাজু গগৈ, গৌতম গগৈ, সাগৰ গগৈ, জানমণি গগৈ, মিধুষ্মিতা গগৈ, লেখনী দেৱী, ধৰণী শইকীয়া, ৰঞ্জিত শৰ্মা, মিতালী শইকীয়া , লভলী দিহিঙ্গীয়া আৰু চায়াশ্ৰী চমুৱায়ে অভিনয় কৰিছে। দৃশ্য গ্ৰহণ নৱনিত নিলভ , সম্পাদনা দিগন্ত বৰা, ছাউণ্ড ডিজাইন দেৱজিৎ গায়ন, দি আই কালাৰ সুজিত বৰা, সংগীত মন্দিপ মনমিত, সহ পৰিচালকদ্বয় ঐছুৰ্য বৰা আৰু অচ্যুত শইকীয়া, সাজসজ্জা ৰিজুমণি দেউৰী আৰু কলা নিৰ্দেশক বিশ্বজিৎ সন্দিকৈ সমন্বিতে  উক্ত কথাছবিখন একপ্ৰকাৰ  সাৰ্থক কৰি তুলিছে।

Leave A Reply