Breaking

ক’ভিডত মৃত্যু অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তাৰ

0 2,093

 মাৰাত্মক ক’ভিডত দেওবাৰে নিশা প্রায় ১০.৫০ বজাত মৃত্যু হয় অসমীয়া চলচ্চিত্র পৰিচালক শম্ভু গুপ্তাৰ৷ ক’ভিডত আক্রান্ত ছবি পৰিচালকগৰাকীক যোৱা ৮ মে’ত মহানগৰীৰ খ্রীষ্টানবস্তিস্থিত এপ’লো হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ছবি পৰিচালকগৰাকীক ১০ মে’ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভর্তি কৰোৱা হয়৷

চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ক’ভিডত আক্রান্ত গুপ্তাৰ কন্যা পূবালীক দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভর্তি কৰোৱা হয়৷ তেওঁৰ পুত্র নিলয় গুপ্তাও ক’ভিড পজিটিভ৷ নিলয় বর্তমান হোম আইছ’লেচনত আছে৷ নিলয়ৰ মোমায়েকো ক’ভিড আক্রান্ত হৈ হাস্পতালত চিকিৎসাধীন৷

Leave A Reply