Breaking

অসমকন্যা অলংকৃতা উজ্বলি উঠিছে ডিজনী হটষ্টাৰত , কোনখন ৱেব চিৰিজত অভিনয় কৰিছে তেওঁ

0 131

ৱেব চিৰিজৰ যোগেৰে দেশজুৰি জনপ্ৰিয়তা লাভ কৰিছে অসমকন্যা তথা প্ৰাক্তন মিছ ডিভা ফাইনেলিষ্ট অলংকৃতা বৰা। ডিজনী হটষ্টাৰত অলংকৃতাই ‘দ্যা ডিভাইন ৰোমান্স’ নামৰ ৱেব চিৰিজখনত অভিনয় কৰি এই সফলতা অৰ্জন কৰিছে।

ৱেব চিৰিজখনত অলংকৃতাৰ স’তে অভিনয় কৰিছে ২০১৬ চনৰ মিষ্টাৰ চুপাৰনেচাৰেলৰ দ্বিতীয় ৰানাৰ্ছ আপ জিতেশ ঠাকুৰে। ৰোমাণ্টিক ৱেব চিৰিজনখনত জিতেশে শিৱ নামৰ এজন যুৱকৰ চৰিত্ৰত ৰূপায়ন কৰাৰ বিপৰীতে অলংকৃতাই শক্তি নামৰ এজনী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

কাহিনী অনুযায়ী শিৱ এগৰাকী প্ৰাক্তন মাৰ্কেটিং মেনেজাৰ আৰু ভ্লগিং কৰাত চখ থকা যুৱক। আনহাতে শক্তি হৈছে এগৰাকী ফাইনেন্চিয়েল কনচাল্টেণ্ট। দুয়োগৰাকী যুৱক-যুৱতীৰ ৰোমাণ্টিক কাহিনীকে ‘দ্যা ডিভাইন ৰোমান্স’ত প্ৰদৰ্শন কৰা হৈছে।

ইতিমধ্যে ডিজনী হটষ্টাৰত ৱেব চিৰিজখনে নাম্বাৰ ৱান ৰোমাণ্টিক ম’ভীজৰ তালিকাত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীত জন্মলাভ কৰা অলংকৃতাই ইতিপূৰ্বে ২০১৮ চনৰ ‘ৰাজা আব্ৰডিয়া’ নামৰ ছৱিখনেৰে বলিউডত প্ৰৱেশ কৰিছিল। অভিনয়ৰ উপৰিও অলংকৃতা এগৰাকী কথক, ভাৰতনাট্যম আৰু আধুনিক নৃত্যশিল্পীও।

Leave A Reply