✍ প্ৰাঞ্জল প্ৰতীম ডেকা
☞ প্ৰসংগ:-ক’ত ক’ত অসমীয়া ভাষাৰ সংকট
একাংশ অসমীয়াই আজিকালি ভাত ৰান্ধিবলৈ বাদ দি বনাবলৈ ল’লে কিছুমানে গাঁ নোধোৱে, তিয়াইহে, একাংশই ভৰি দুখনক ভৰি ‘দুটা’, পাহাৰখনক ‘পাহাৰটো’ লৈ ৰূপান্তৰিত কৰিলে। ৰাতিপুৱাৰ জলপান হৈ পৰিল ‘ব্ৰেকফাষ্ট’। ‘দেউতা’ক ‘পাপা’ বুলি মতাটো একাংশৰ বাবেটো অভিজাত্যৰেই প্ৰতীক। (ৰাতি ‘নাইট চুপাৰ’ত গৈ পুৱা ‘মৰ্ণিং-ৱাক’ কৰি ‘ৰিটাৰ্ণ’ হৈ ঘূৰি অহা ৰিমিক্স প্ৰজন্মটোৰ কথাটো ক’বই নালাগে।) আমি বাৰু ভ্ৰাম্যভাষত ‘হেল্ল’ বুলি কোৱাৰ পৰিৱৰ্তে ‘নমস্কাৰ’ বুলি ক’ব নোৱাৰোনে? মনত ৰাখিব অসমীয়া ভাষাৰ সংকটৰ বাবে অসমীয়াই জগৰীয়া। আপুনি এটা আঙুলি আনলৈ টোৱাব পাৰে, চাৰিটা আঙুলি কিন্তু নিজৰ ফালে।