Breaking

নগাঁৱত অসমীয়া ভাষাৰ কাণ্ডাৰী মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি উন্মোচন

0 1,689

বুধবাৰৰ দিনটো নগাঁও তথা অসমবাসীৰ বাবে হৈ ৰ’ব এক ঐতিহাসিক দিন ৷ অসমৰ ভিতৰতে নগাঁৱত উন্মোচন কৰা হ’ল অসমীয়া ভাষাৰ কাণ্ডাৰী মাইলচ ব্ৰনছনৰ প্ৰথমটো প্ৰতিমুৰ্তি। নগাঁৱৰ খ্ৰীষ্টানপট্টিৰ ব্যাপ্তিষ্ট গীৰ্জাৰ চৌহদত প্ৰতিষ্ঠা কৰা প্ৰতিমুৰ্তিটো উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। নগাঁও জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পাছতেই অনুষ্ঠিত হয় এখনি মুকলি সভা।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনতে উন্মোচন কৰা হয় ছখনকৈ গ্ৰন্থও। মাইলচ ব্ৰনছনৰ প্ৰতিমুৰ্তি স্হাপনৰ দৰে কাৰ্যসূচীক এক ডাঙৰ পদক্ষেপ বুলি উল্লেখ কৰিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই৷

আনহাতে, এই অনুষ্ঠানৰ উপস্থিত থাকি আনন্দ প্ৰকাশ কৰিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে৷ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰি উলিওৱা শিল্পী লক্ষ্যজ্যোতি বৰাই শ্ৰদ্ধা নিবেদিলে মাইলচ ব্ৰনছনৰ প্ৰতি৷

Leave A Reply