Breaking

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় বৰ্ধিত কাৰ্যনিৰ্বাহক আহ্বান

0 1,227

জামুগুৰিহাট, ২১ নবেম্বৰ: অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়ন হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ২৯ নৱেম্বৰ, দেওবাৰে পুৱা ১১ বজাত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ উত্তৰ পূব ব্যৱসায়ী সন্থাৰ প্ৰেক্ষাগৃহত আহ্বান কৰা হৈছে। সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া মতে উক্ত সভাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিবেশনৰ হিচাপ দাখিলৰ লগতে আগন্তুক ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ সহযোগত অসম নগাৰাজ্যৰ সীমান্তৱৰ্তী দৈয়াং শাখা সন্মিলনীৰ আতিথ্যত অনুষ্ঠিতব্য পঞ্চম  দ্বি-বাৰ্ষিক অধিবেশন সম্পর্কে আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। সভাখনত সমূহ বিষয়ববীয়া, কেন্দ্রীয় কাৰ্যনিৰ্বাহ সদস্য, জিলা আৰু আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু দুয়োখন উদ্ যাপন সমিতিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিবলৈ ইয়াৰ দ্বাৰাই আহ্বান জনাইছে প্ৰধান সম্পাদক মিংকু কলিতাই। উল্লেখ্য যে শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হ’বলহীয়া সভাখনতে সন্মিলনীৰ ভৱিষ্যত কাৰ্যপন্থা সম্পর্কে ও বিস্তৃতভাৱে আলোচনা কৰি সন্মিলনীৰ বাৰ্ষিক বঁটাসমূহ প্ৰদানৰ দিন নিৰ্ধাৰণ, আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া প্ৰমুখ্যে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰো সম্ভাৱনা আছে বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

Leave A Reply