Breaking

ডিব্ৰু কলেজত অসমীয়া স্নাতকোত্তৰ শাখা মুকলি

0 2,071

১৯৬৩ চনত প্ৰতিষ্ঠা হোৱা উজনিৰ ‘নাক’ৰ এ গ্ৰেডপ্ৰাপ্ত উচ্ছ শিক্ষানুষ্ঠান ডিব্ৰু কলেজত কালিৰেপৰা মুকলি কৰা হৈছে স্নাতকোত্তৰ অসমীয়া শাখা৷ আনুষ্ঠানিকভাৱে ফিটা কাটি কলেজখনৰ চৌহদত বিভাগটো মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক, বিশিষ্ট ভাষাতত্ত্ববিদ, প্ৰফেচাৰ অব এমেৰিটাছ ড॰ ভীমকান্ত বৰুৱাই৷ এই উপলক্ষ্যে আয়োজিত ‘মণি কাঞ্চন ” শীৰ্ষক এক অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি ড॰ বৰুৱাই কলেজখনৰ লগতে অসমীয়া বিভাগটোৰ বাবে ই এক মাইলষ্ট’ন আৰু ঐতিহাসিক দিন বুলি অভিহিত কৰে৷ নতুনকৈ আৰম্ভ কৰা এই শাখাটোত অধ্যয়ন কৰিবলৈ অহা কুৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে কলেজখনৰ¸ শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্চা জ্ঞাপন কৰি ড॰ বৰুৱাই বিশেষকৈ অসমীয়া ভাষা, সংস্কৃতি, চিলেবাছ আৰু ভাৰতীয় সাহিত্য অধ্যয়নৰ বাবে আহ্বান জনায়৷ প্ৰসংগক্ৰমে তেওঁ কয় যে ভাৰতবৰ্ষত ১৯,৫০০ টা সৰু-বৰ ভাষা আছে যিবোৰে সংশ্লিষ্ট জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আহিছে৷

কিন্তু আমি কোনেও ভালদৰে নিজৰ ভাষাটো ক’ব, লিখিব, পঢ়িব জানো বুলি ডাঠি ক’ব নোৱাৰো৷ ছাত্ৰ-ছাত্ৰীসকলক সময় অপচয় নকৰি অথেনটিক গ্ৰন্থ অধ্যয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ এইক্ষেত্ৰত হেপাহ আৰু আগ্ৰহৰ কাহানিও অন্ত নেপেলাবৰ বাবে শিক্ষাৰ্থী আৰু শিক্ষকসকলক আহ্বান জনায়৷ বিভাগটোৰ মূৰব্বী অধ্যাপক মনোজ কুমাৰ শৰ্মাই আদৰণি ভাষণত শিক্ষাৰ্থীসকলক কলেজখনৰ শিক্ষকসকলে প্ৰাণঢালি শিক্ষাদানৰ বাবে সাজু আছে বুলি মন্তব্য কৰে৷ অধ্যক্ষ ড॰িজিতু বুঢ়াগোহাঁয়ে ‘নাক’ৰ ৰিপ’ৰ্টৰ ভিত্তিত আজিৰ পৰা তিনি বছৰৰ আগতেই ডিব্ৰু কলেজখনত অসমীয়া, গাৰ্হস্থ্য বিজ্ঞান আৰু নৃ-তত্ত্ব বিভাগত স্নাতকোত্তৰ শাখা মুকলিৰ বাবে দিয়া লিখিত পৰামৰ্শৰ ভিত্তিত কলেজৰ পৰা আবেদন কৰা সত্বেও বিগত তিনিবছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰহস্যজনকভাৱে অনুমতি প্ৰদান নকৰিলে যদিও সম্প্ৰতি এই বাধা দূৰ হোৱাত কলেজখনৰ বাবে এক নতুন ইতিহাস আৰম্ভ হৈছে৷ অধ্যক্ষগৰাকীয়ে এই শুভ দিনটোত অসমীয়া বিভাগটোৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীক শুভেচ্চা প্ৰদানৰ লগতে অনাগত দুই এবছৰৰ ভিতৰত বাকী দুটা বিভাগৰো স্নাতকোত্তৰ শাখা মুকলি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷ বিভাগটোৰ সহযোগী অধ্যাপিকা ড॰ মৌচুমী দত্তই আঁত ধৰা অনুষ্ঠানত উপাধ্যক্ষ ড॰ মহেশ কুমাৰ জৈন, প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা জ্যোতি বৰগোহাঁই, প্ৰাক্তন অধ্যক্ষ ড॰ পৰেশ বৰুৱা, অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক বীৰেন বৰুৱা, কলেজখনৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপিকা ড॰ নন্দিতা বৈশ্যইও শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ সভাত বিভাগটোৰ সহকাৰী অধ্যাপক ড॰ বিজু মৰাণ, ড॰ স্মৃতিৰেখা চেতিয়া সন্দিকৈ, ড॰ ডলী চুতীয়া, সংস্কৃত বিভাগৰ অধ্যাপিকা ড॰ অদিতি বৰুৱা, গ্ৰন্থাগাৰিক দীপিকা দাসকে ধৰি ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷

Leave A Reply