Breaking

বিশ্বখ্যাত কেডাৰনাথৰ প্ৰৱেশ দ্বাৰত জিলিকিল অসমীয়াৰ স্বাভিমান জাপি…

0 108

তীৰ্থযাত্ৰীৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে মঙলবাৰে মন্দিৰৰ প্ৰৱেশদ্বাৰত অসমীয়া জাপিৰে সজ্জিত হোৱা দেখা গৈছে। কেদাৰনাথ মন্দিৰত শিল্প আৰু সংস্কৃতিৰ এক অনন্য প্ৰদৰ্শনেৰে মন্দিৰটো সজাই তোলাৰ বাবেও ২০ হাজাৰ কুইণ্টল পৰ্যন্ত ফুল ব্যৱহাৰ কৰা হৈছিল।

কিন্তু উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে কেদাৰনাথ ধাম যাত্ৰাৰ বাবে তীৰ্থযাত্ৰীৰ পঞ্জীয়নৰ আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছিল। তীৰ্থযাত্ৰা পথত প্ৰচণ্ড তুষাৰপাতৰ পৰিপ্ৰেক্ষিতত আৰু আগন্তুক দিনত বতৰ বিজ্ঞান বিভাগে অশুভ বতৰৰ সতৰ্কবাণী জাৰি কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীৰ্থযাত্ৰীৰ বাবে কেদাৰনাথ ধামলৈ যোৱা পথত প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী জাৰি কৰিছিল যাৰ ফলত ৰাজ্য চৰকাৰে আবেদন গ্ৰহণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

Leave A Reply