Breaking

চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…

0 55

ৰাছিয়াৰ ইয়াকুস্কত ২৫ জুনৰ পৰা ৭ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া ছাব জুনিয়ৰ এছিয়ান গেমছ অৰ্থাৎ চিলড্ৰেনছ এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অসমৰ দেবাংগনা তাঁতীয়ে । তেওঁক ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ দলত ভাৰতীয় খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে । দেবাংগনাই ৫৫ কেজি অনূৰ্দ্ধৰ ক্লাচিক ষ্টাইল বেল্ট ৰেচলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

বিশ্বনাথ চাৰিআলিৰ দেবাংগনাই স্থানীয় প্ৰশিক্ষক পিংকু বৰুৱাৰ অধীনত ৰেচলিঙৰ আদিপাঠ গ্ৰহণ কৰিছিল । ভাৰতীয় বেল্ট ৰেচলিং দলত স্থান লাভ কৰাৰ বাবে দেবাংগনাক অভিনন্দন জনাইছে অসমৰ পৰম্পৰাগত মল্লযুঁজ আৰু পেংকাৰেচন এছ’চিয়েচনৰ অধ্যক্ষ নীতিশ ৰঞ্জিন দাস, সভাপতি ৰুমী চন্দ‌ই ।

দেবাংগনাই বৰ্তমান নগালেণ্ড আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ (এন টি পি চি)ত ৰাষ্ট্ৰীয় প্ৰশিক্ষক নগালেণ্ডৰ জুমুৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । উল্লেখ্য যে নাগালেণ্ডত সদ্যসমাপ্ত তৃতীয় উত্তৰ পূব গেমছত বেল্ট ৰেচলিং ইভেন্ট অন্তৰ্ভুক্ত হৈছিল আৰু এই প্ৰতিযোগিতাত অসমৰ গোৱালপাৰাৰ দিস্মৃতা কচাৰীয়ে ৰাজ্যখনৰ হৈ একমাত্ৰ পদকটো লাভ কৰিছিল ।

Leave A Reply