Breaking

বঙাইগাঁৱত জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চ,অসমৰ ধৰ্ণা কাৰ্যসূচী

0 1,156

জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ উদ্যোগত আজি কোচ ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে বঙাইগাঁও চহৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ পুৰেণ ৰায় গোটৰ নেতৃত্বত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধি উপস্থিত থাকে ৷ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ জিন্দাবাদ, এছ টি আমাক লাগিবই, নৰেন্দ্ৰ মোদী মিছলীয়া, বিজেপি চৰকাৰ হায় হায়, ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ বিৰোধী হুচিয়াৰ, ন এছ টি ন ৰেষ্ট,  হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হুচিয়াৰ, দিল্লী – দিছপুৰ হুচিয়াৰ,  মিছলীয়া নৰেন্দ্ৰ মোদী নিপাত যাওক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ কাৰ্যসূচীৰ অন্তত বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ছয় জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ জিলা উপায়ুক্তৰ হৈ কাৰ্যবাহী দণ্ডাধীশে স্মাৰক পত্ৰখন গ্ৰহণ কৰে ৷

ইপিনে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনগোষ্ঠীয় ঐক্য মঞ্চ , অসমৰ অংশীদাৰী সংগঠন সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ আশা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আমি কৰিব নোৱাৰো ৷ তেখেত সকলে নিদিয়ে আৰু সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে ৷ আমি স্পষ্ট কৰি দিছো যে পূৰ্বে অসমত কংগ্ৰেছ চৰকাৰ থকাত বিজেপিয়ে শাসনৰ গাদীত বহাৰ কাৰণেহে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মিছা আশ্বাস দিছিল ৷ সেই  আশ্বাসক আমি তেতিয়া মিছা বুলি ভবা নাছিলো ৷ কিন্তু শাসনৰ গাদীত বহাৰ পিছতে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পাহৰি গ’ল ৷ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে ৷ মাত্ৰ আলোচনা কৰি আছে ৷ আলোচনাৰ ওপৰত আলোচনা ৷ দিল্লীত আলোচনা কৰে, গুৱাহাটীত আলোচনা কৰে ৷ কিন্তু আজিলৈ সেই আলোচনা ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ সেয়ে এটা কথা আমি জনাব বিচাৰিছোঁ যে অসমখনৰ স্বাৰ্থত যেতিয়া যি  কোনো এটা সিদ্ধান্ত ল’ব লগা হয়, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীক দেখিবলৈ পাও যে সেইটো কোনো কেবিনেটত সিদ্ধান্ত নলয় আৰু কাৰো লগত আলোচনা নকৰে ৷ কেৱল নিজৰ মন মৰ্জিমতে তেওঁ সিদ্ধান্ত লয় ৷

ইয়াৰ বিপৰীতে দূৰ্ভাগ্যজনক কথা এয়ায়ে য়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যেতিয়া সিদ্ধান্ত ল’বলগীয়া হয়, তেতিয়া তেওঁ কয় যে বহু আলোচনা কৰিবলগীয়া আছে , অন্যান্য লোকৰ সৈতে আলোচনা কৰিবলগীয়া আছে, কেবিনেটৰ কথা আছে ৷ গতিকে ইয়াৰ পৰা আমি বুজিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদ চলাই যিকোনো কাম কৰিব পাৰে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁ কৰিব পাৰে কিন্তু ইচ্ছা কৰি কৰা নাই ৷ তেওঁ থকালৈকে যে আমি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ নাপাম সেইটো ধ্ৰুৱ সত্য ৷ সেয়ে অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে জনজাতিকৰণৰ বাবে সমুহ ৰাইজ ওলাই আহি  ৰাজপথ কঁপাব লাগিব আৰু আমাৰ নিজৰ তেজেৰে ৰাঙলী হ’ব লাগিব ৷ তেতিয়াহে আচলতে আমাৰ দাবী পূৰণ হ’ব ৷ গতিকে সকলো ৰাইজক ওলাই আহি একত্ৰিতভাৱে আন্দোলন কৰিবলৈকো আহ্বান জনায় নেতাগৰাকীয়ে ৷ আনহাতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰাছু) সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰি জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ আমাক লাগিবই বুলি কয় ৷ লগতে চৰকাৰৰ ভাঙোনমুখী চিন্তা ধাৰাক সমৰ্থন নকৰে বুলি কৈ কয় যে আক্ৰাছুৱে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু এই জনজাতিকৰণৰ গোটেই বিষয়টো যাতে চৰকাৰে বিভ্ৰান্তৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ইছ্যুটোক এটা বেলেগ ফালে লৈ যোৱা যেন লাগিছে ৷ সেই কাৰণে আমি আক্ৰাছুৱে কৈছো যে জনজাতিকৰণ আমাক লাগিবই আৰু ঐতিহাসিক কমতাপুৰো আমাক লাগিবই ৷ ইয়াত কোনো ধৰণৰ বুজাবুজি হ’ব নোৱাৰে ৷ নেতাগৰাকীয়ে লগতে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয়টা জনগোষ্ঠীক প্ৰতিটো ৰাজনৈতিক দলে তথা প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহিছিল ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন নেতাই অসমৰ কোচ ৰাজবংশী তথা ছয় জনগোষ্ঠীৰ জনসাধাৰণৰ আগত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ গতিকে বিজেপি চৰকাৰো কিন্তু কম দিনৰ ভিতৰতে ওফৰি যাব ৷ প্ৰয়োজনবোধে আমি ছয় জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে বিকল্পৰ চিন্তা চৰ্চা কৰিবলৈকো বাধ্য হ’ম ৷ আমি ইতিমধ্যে ছয়টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ  দাবীত অসমৰ প্ৰতি কোণতে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছো ৷ ইয়াৰ পৰৱৰ্তী সময়তো যদি অসম চৰকাৰে ছয় জনগোষ্ঠীৰ আবেগ অনুভূতিক সন্মান নজনায় তেতিয়াহলে আমি এই আন্দোলনক জন আন্দোলনলৈকে লৈ যাবলৈ বাধ্য হ’ব ৷ লগতে পৰৱৰ্তী সময়ত আমি এই আন্দোলনক দিল্লীলৈকে লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছো বুলিও আক্ৰাছু নেতাগৰাকীয়ে কয় ৷

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ সভাপতি পুৰেণ ৰায়, মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি দাস ৰাজবংশী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপ সভাপতি কৈলাস ব’ৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মোহন তাঁতী, অজয় কৰমালিৰ লগতে চুতীয়া যুৱ সন্মিলনীৰ প্ৰতিনিধি, টাই আহোম ছাত্ৰ সন্থাৰ কেইবাগৰাকীও প্ৰতিনিধি তথা আক্ৰাছুৰ অন্যান্য নেতা- কৰ্মীসকল উপস্থিত থাকে ৷ ইপিনে কাৰ্যসূচীৰ অন্তত জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা  স্মাৰকপত্ৰত উল্লেখ কৰা মতে বিগত দুটা দশকতকৈও অধিক কাল জুৰি শাসনাধিষ্ঠ প্রতিখন চৰকাৰেই অসমৰ ছয়জনগােষ্ঠীক জনজাতিৰ মর্যাদা প্রদানৰ প্রতিশ্রুতি দি আহিছে যদিও আজিকোপতি সামাজিক ক্ষেত্রত অতিকৈ পিছপৰা আৰু ভাৰতীয় সংবিধান অনুসৰি জনজাতিৰ মৰ্যাদা লাভ কৰিবলৈ প্রয়ােজনীয় আটাইকেইটা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ হােৱা স্বত্বেও এই জনগােষ্ঠীকেইটাই অনুসূচিত জনজাতিৰ মর্যাদা লাভৰ পৰা বঞ্চিত হৈ আছে ৷ লগতে  ই এক ঐতিহাসিক বিড়ম্বনা আৰু ইয়াৰ ফলশ্ৰুতিত সম্প্রতি দেশৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ ব্যাপক পৰিৱর্তনৰ ফলত অসমৰ ছয়জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই আহােম আৰু চাহ জনগােষ্ঠীৰ দৰে ক্ষুদ্ৰ আৰু অনগ্ৰসৰ জনগােষ্ঠীসমূহে জীৱনৰ সৰ্বদিশৰে আগ্রাসনৰ কৱলত পৰিছে । এনে অৱস্থা বাহাল থাকিলে জনগােষ্ঠী কেইটাৰ অস্তিত্বৰ প্ৰতিয়েই সংকট নামি আহিব।কেন্দ্রীয় চৰকাৰৰ তৎপৰতাত ছয় জনগােষ্ঠীৰ জনজাতিকৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ মন্ত্ৰী পৰিষদৰ এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছিল, যদিও দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো সমিতিৰ প্রতিবেদন প্রকাশ কৰা নহ’ল। সেয়ে ছয় জনগােষ্ঠীৰ অন্তর্ভূক্ত প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰৰ এই হোঁহকা পিছলা নীতিক জনগােষ্ঠী কেইটাৰ প্ৰতি চৰম বঞ্চনা বুলি গণ্য কৰিবলৈ বাধ্য হৈছে। গতিকে ছয় জনগােষ্ঠীয় ঐক্য মঞ্চ, অসমে এই প্রতিবাদী ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ ভূমিপুত্র ছয় জনগােষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মর্যাদা প্রদান কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাছে ৷

Leave A Reply