Breaking

কোৰিয়াৰ আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ ছুটি ছবি “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

0 2,143

কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” নামৰ ছুটি ছবিখনে কোৰিয়াৰ এপোৰিয়া ইন্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলত ‘শ্ৰেষ্ঠ পৰিচালক’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতত অনুষ্ঠিত হোৱা নাৱাডা ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত “শ্ৰেষ্ঠ জুৰি’ৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”ৰ কাহিনী হৈছে এগৰাকী বিধৱাই লকডাউনৰ সময়ত উদ্ভৱ হোৱা আৰ্থিক দুৰাৱস্থাৰ সৈতে কেনেকৈ যুঁজ দি নিজৰ পৰিয়ালটোক স্বচ্চলতাৰে চলাব পাৰে তাক লৈ। ইয়াত তিনিগৰাকী ভিন্ন বয়সৰ নাৰীৰ মানসিক অৱস্থা আৰু অভাৱৰ ওপৰত এই ছুটি ছবিখন নিৰ্মিত হৈছে। অসমীয়া ভাষাত নিৰ্মিত এই ছুটি ছবিখনৰ দৈৰ্ঘ প্ৰায় ৯ মিনিট ৫৮ চেকেণ্ড। মুখ্য চৰিত্ৰত অভিনয় কৰিছে
ভ্ৰান্তি মেধি আৰু আন দুই নাৰী চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী ত্ৰিৱেণী বৰা আৰু শিশুশিল্পী ফাল্গুনী ভৈৰৱীয়ে। ইতিমধ্যে কুলদীপ মেধিৰ এই ছুটি ছবিখন দেশ-বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃতও হৈছে। তাৰ ভিতৰত অন্যতম হ’ল- আমেৰিকাৰ ‘ব্ৰিষ্টেল আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (‘ব্ৰিষ্টেল চিনেফেষ্ট ২০২১)’, তুৰ্কীৰ ‘গোল্ডেন ব্ৰিজ ইচটানবুল চৰ্ট ফিল্ম ফেষ্টিভেল ২০২১’, ভাৰতৰ ‘বেটিয়াহ
আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল’ আৰু ‘এচপাইৰিং য়ুথ আন্তৰাষ্ট্ৰীয় চৰ্ট ফিল্ম ফেষ্টিভেল’ ইত্যাদিলৈ ইতিমধ্যে নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে। “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” ছুটি ছবিখনৰ সহ-প্ৰযোজক ক্ৰমে সুৰেন মেধি, কৌশল্যা মেধি, শ্ৰুতিধাৰা মেধি, উৎপল হাজৰিকা আৰু ৰাখী দত্ত শইকীয়া। এই ছবিখনৰ চিনেমাটোগ্ৰাফাৰ প্ৰণৱ হালৈ, সম্পাদনা ভৱেশ বৈশ্যৰ আৰু সংগীত অমিত চৌকাধৰাৰ।

Leave A Reply