Breaking

এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক জয়

0 91

পুনৰ উজ্বলিল ৰিঙৰ ৰাণী লাভলীনা বৰগোহাঁই। এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক জয়। চীনৰ প্ৰতিদ্বন্দী লি কিউয়ানৰ বিপৰীতে এছিয়াডৰ ৰিঙত নামি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল অসম কন্যাগৰাকীয়ে।

বুধবাৰে ১.১৫ বজাত ৰিঙত নামিছিল লাভলীনা বৰগোহাঁইয়ে। এছিয়ান গেমছৰ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল লাভলীনাই।

আজিৰ এই সফলতা অৰ্জন কৰাৰ লগে লগে লাভলীনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নিজৰ পদকৰ তালিকাত সংযোজিত কৰিলে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিক পদক খিতাপৰ লগতে এছিয়ান গেমছৰ ৰূপৰ পদকৰ খিতাপ।

হাংঝত অনুষ্ঠিত এছিয়ান গেমছত লাভলিনাৰ বৰগোহাঁইৰ ৰূপৰ পদক লাভৰ পাছতে বৰপথাৰত আৱতৰীয়া দিপাৱলী।

Leave A Reply