Breaking

অসমৰ ফেশ্বনৰ যাদুকৰী সংযুক্তা দত্ত জিলিকিল পেৰিছ ফেশ্বন উইকত…

0 113

বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ ৷ ৩ মাৰ্চ, শুকুৰবাৰৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে ।

পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই ৷ কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণ তুলি ধৰিছে ডিজাইনাৰ সংযুক্তা দত্তই ৷

পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতি যোৰ পোচাকেই সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া দিশটো হ’ল- হস্ত কৌশলেৰে প্ৰস্তুত এনে এযোৰ পোছাক সাজু কৰি তুলিবলৈ ফেশ্বন ডিজাইনাৰ গৰাকীক ২৫ দিন সময়ৰ প্ৰয়োজন হৈছিল ৷

Leave A Reply