Breaking

চীনত অনুষ্ঠিত হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ অসমৰ প্ৰাৰ্থনা গগৈৰ…

0 309

ফেব্ৰুৱাৰী মাহত গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণিৰ পাছতেই অসম ভলীবল সন্থালৈ আহিল অন্য এটা ভাল খবৰ । চীনত অনুষ্ঠিত হ’বলগীয়া ১৬ অনুৰ্দ্ধ আন্ত:ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নিয়মীয়া খেলুৱৈ প্ৰাৰ্থনা গগৈ-এ । জিলা ক্ৰীড়া সন্থাৰ ভলীবল বিভাগত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰাৰ্থনাই জিলাৰ হৈ মিনি আৰু চাব জুনিয়ৰ আন্ত: জিলা ভলীবল চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি আহিছিল। উল্লেখ্য যে , বিগত বছৰত খেলুৱৈ গৰাকীয়ে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল। বৰ্তমান উড়িষ্যাৰ ভূৱেনেশ্বৰৰ কলিংগ ইন্সিটিউড অৱ ইনডাষ্টট্ৰিয়েল টেকন’লজি চমুকৈ ( KIIT) ত অনুষ্ঠিত হৈ থকা ভাৰতীয় দলৰ বাচনি শিৱিৰত অংশগ্ৰহণৰ সুবিধা লাভ কৰি ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।

অষ্টম মান শ্ৰেণীত অধ্যয়নৰত প্ৰাৰ্থনাৰ ঘৰ চৰাইদেউ জিলাৰ চেপনত। ভাৰতীয় ৰেল বিভাগত কৰ্মৰত পিতৃ জিতেন গগৈ আৰু মাতৃ শেৱালী গগৈৰ দুই কন্যাৰ সৰু প্ৰাৰ্থনাৰ জেষ্ঠ্য ভগ্নী পূজা গগৈও ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ। আজি অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰাই খেলুৱৈ গৰাকীয়ে ভাৰতীয় দলত স্থান লাভ কৰাৰ কথা সদৰি কৰাৰ লগতে অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰে। একেদৰে অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি সন্থাৰ বিষয়-ববীয়া , গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা: অজিত বৰুৱা , সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈৰ লগতে বিষয়-ববীয়াসকলে খেলুৱৈ গৰাকীৰ এনে সাফল্যত আনন্দ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply