Breaking

ডাইভিঙত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক অৰ্জন অসমৰ ৰূপম গগৈৰ ! জনঞ্জয়জ্যোতি হাজৰিকাৰ দুটা আৰু জাহ্নৱী কাশ্যপৰ এটা ৰূপ জয়…

0 35

ডাইভিঙত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক অৰ্জন অসমৰ ৰূপম গগৈৰ ঃ জনঞ্জয়জ্যোতি হাজৰিকাৰ দুটা, জাহ্নৱী কাশ্যপৰ এটা ৰূপ জয়

অসমৰ ছুইমিং জগতখনৰ বাবে সুখবৰ । নতুন দিল্লীৰ ডা: শ্যামা প্ৰসাদ মুখাৰ্জী ছুইমিং পুলত ৭ খন দেশৰ মাজত ৭ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছুইমিং প্ৰতিযোগিতাত স্বৰ্ণ পদকেৰে উজলি উঠিল অসমৰ ৰূপম গগৈ ।‌ অসমৰ আন এগৰাকী প্ৰতিভাৱান সাঁতোৰবিদ জনঞ্জয়জ্যোতি হাজৰিকাই লাভ কৰে দুটা ৰূপৰ পদক । ছোৱালী শাখাত জাহ্নৱী কাশ্যপে লাভ কৰে আন এটা ৰূপ । বি আই এম এছ টি ই চি চমুকৈ বিমছটেক নামৰ এই ২০ বছৰ অনূৰ্ধ্ব প্ৰতিযোগিতাত ভাগ লয় ৭ খন দেশে । দক্ষিণ এছিয়াৰ ভাৰত, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপালৰ লগতে উত্তৰ পূব এছিয়াৰ ম্যানমাৰ আৰু থাইলেণ্ডৰ মুঠ ২৬৫ গৰাকী প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাবোৰৰ ভিতৰত আছিল ছুইমিং, ডাইভিং আৰু ৱাটাৰ প’ল’ ।

৭ ফেব্ৰুৱাৰীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, নেপাল চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডিগ বাহাদুৰ লিম্বু, বিমছটেকৰ সচিব প্ৰধান তথা নেপাল চৰকাৰৰ ভাৰতস্থ হাই কমিছনাৰ ইন্দ্ৰমণি পাণ্ডে, বিভিন্ন চৰকাৰী বিষয়াসকল । প্ৰকৃততে ২০১৮ চনত নেপালত অনুষ্ঠিত চতুৰ্থ বিমছটেক প্ৰতিযোগিতাৰ সময়ত উপস্থিত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰতিযোগিতা ভাৰতত আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল । কিন্তু কোভিদ মহামাৰীৰ বাবে ইয়াক ২০২৪ লৈ পিছুৱাই দিয়া হয় ।

গোলাঘাটৰ ৰূপম গগৈয়ে ১ মিটাৰ স্প্ৰীং বৰ্ডত থাইলেণ্ড আৰু ম্যানমাৰৰ প্ৰতিদ্বন্দ্বীক চেৰ পেলাই সোণৰ পদক আঁজুৰি আনে । ১৫ বছৰীয়া ৰূপমে বৰ্তমান পুনে আৰ্মী স্পৰ্টছ ইনষ্টিটিউটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ লগতে নৱম শ্ৰেণীত অধ্যয়ন কৰি আছে । আনহাতে ৫০ আৰু ১০০ মিটাৰ ল’ৰাৰ বাটাইফ্লাই ইভেন্টত দুটাকৈ ৰূপৰ পদক জিনিলে নতুন দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আনগৰাকী অসম সন্তান জনঞ্জয়জ্যোতি হাজৰিকাই ।


তেওঁলোকৰ লগতে অসমৰ জাহ্নৱী কাশ্যপেও এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ছোৱালীৰ ১০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক অৰ্জন কৰে । এই প্ৰতিযোগিতাৰ বাবে অসমৰ আন এগৰাকী প্ৰতিভাৱান সন্তৰণবিদ আস্থা চৌধুৰীয়েও ভাৰতীয় দলৰ হৈ খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যদিও সমাগত আন এক বৃহৎ টুৰ্ণামেন্টৰ বাবে প্ৰশিক্ষকৰ নিৰ্দেশ অনুসৰি তেওঁ এইখন প্ৰতিযোগিতাত অংশ নোলোৱাৰ সিদ্ধান্ত লয়

উল্লেখ্য যে বিমছটেকৰ সম্পূৰ্ণ নামটো হ’ল —- দ্য বে অৱ বেংগল ইনিছিয়েটিভ ফৰ মাল্টি ছেকটৰেল টেকনিকেল এণ্ড ইক’নমিক ক’অপাৰেচন । কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ মতে এই অঞ্চলতে বসবাস কৰে বিশ্বৰ ২৫ শতাংশ জনসাধাৰণে । বিমছটেক ছুইমিং প্ৰতিযোগিতা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰে । এনে এখন সন্মানজনক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ তিনিগৰাকী উদীয়মান সন্তৰণবিদে পদক জয়েৰে পুনৰবাৰ অসমৰ প্ৰতিভাক চিহ্নিত কৰিলে ।

Leave A Reply