Breaking

অসমৰ চাহ বিক্ৰেতাৰ কন্যাই খেলো ইণ্ডিয়া য়ুথ গেমছ ছোৱালীৰ ৪৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত অৰ্জন কৰে ৰূপৰ পদক…

0 19

অসমৰ চাহ বিক্ৰেতাৰ কন্যা পঞ্চমীয়ে আশা কৰিছে খেলো ইণ্ডিয়াৰ পদকে এদিন মিৰাবাই চানুৰ বিৰুদ্ধে মুখামুখি হোৱাৰ মঞ্চ দিব। ধেমাজিৰ জিয়াঢল চাৰিআলিৰ আশে-পাশে কাম কৰা সকলক দুপৰীয়াৰ আহাৰ বিক্ৰী কৰা এই সৰু চাহ ষ্টলখনত আন এটা ভাগৰুৱা দিনৰ অন্ত পৰিল। হঠাৎ চেন্নাইৰ পৰা অহা এটা ফোন কলে মালিক লুহিত সোণোৱাল আৰু তেওঁৰ পত্নী বুধেশ্বৰী সোণোৱালক এক গৌৰৱবোধেৰে ভৰাই তোলে যদিও তেওঁলোক অলপ চিন্তিত হৈ পৰিল। তেওঁলোকৰ কনিষ্ঠ কন্যা পঞ্চমী সোণোৱালে খেলো ইণ্ডিয়া য়ুথ গেমছ ছোৱালীৰ ৪৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছে। তাৰ পিছত তেওঁক ষ্ট্ৰেচাৰেৰে চিকিৎসালয়লৈ লৈ যাবলগীয়া হয়। স্নেটছত ৭০ কেজি উত্তোলন কৰি যুৱ ৰাষ্ট্রীয় অভিলেখ গঢ়ি প্রতিযোগিতালৈ অহা পঞ্চমীয়ে মুঠ ১৬৭ কেজি উত্তোলনৰে দ্বিতীয় স্থানত সন্তুষ্ট হ’বলগীয়া হয়।

পঞ্চমী সোণোৱালৰ পিতৃ-মাতৃ

পঞ্চমীয়ে কয়, “মই দুয়োটা শাখাতে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিব বিচাৰিছিলো যদিও সেয়া সম্ভৱ নহ’ল । পদক অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলোঁ যদিও য়ুথ গেমছত পদক লাভ কৰি আনন্দিত হৈছো ।” “হৰ্ঠাৎ পৰি যোৱাটো কষ্টদায়ক আছিল । মই খোজ কাঢ়িব পৰা নাছিলো । এক্স-ৰেৰ ফলাফলত কোনো ফ্ৰেকচাৰ হোৱা নাই বুলি নিশ্চিত কৰা হৈছে । এতিয়াও অলপ বিষ হৈছে, কিন্তু আশাকৰোঁ দুদিনমানৰ পিছত ভাল হ’ব লাগে ।’” — পঞ্চমীয়ে কয় ।জুনিয়ৰ নেচনেল ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক, ছিনিয়ৰ শাখাত ৰূপ আৰু আন্তঃৰাজ্যিক প্ৰতিযোগিতাত বিগত মাহত আন এক সোণৰ পদক লাভ কৰাৰ পৰা তেওঁ ফৰ্মত আছে। ১৮ বছৰীয়া অসমীয়া লিফ্টাৰগৰাকীয়ে খেলো ইণ্ডিয়া য়ুথ গেমছৰ চাৰিখন খেলত দ্বিতীয়টো পদক লাভ কৰিলে। লুহিত আৰু বুধেশ্বৰীৰ বাবে তেওঁলোকৰ সৰু ছোৱালীজনীৰ এই খেলবিধৰ কৃতিত্ব এতিয়া এক নিয়মীয়া বিষয় । “মোৰ প্ৰতিযোগিতাৰ বিষয়ে মা-দেউতা বিশেষ সচেতন নহয় । তেওঁলোকৰ বাবে যদি মই পদক লাভ কৰো তেন্তে সেয়া এক কৃতিত্ব আৰু মই বিফল হ’লেও তেওঁলোকে মোক সমৰ্থন কৰি থাকিব । এইবোৰ খেলৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই । কিন্তু তেওঁলোকে সদায় মোক সৰ্বোত্তম সহায় আৰু যত্ন লোৱাত মনোনিৱেশ কৰি আহিছে । মোক চিকিৎসালয়লৈ নিয়াৰ সময়ত তেওঁলোক অলপ চিন্তিত হৈছিল যদিও এতিয়া তেওঁলোক ভালেই আছে ।” -পঞ্চমীয়ে কয়।

পঞ্চমী তিনিগৰাকী ভগ্নীৰ ভিতৰত সৰু, দুগৰাকী বিবাহিত আৰু এজন ভাতৃ সন্তোষ সোণোৱালে অটোৰিক্সা চালক হিচাপে জীৱিকা উপাৰ্জন কৰে । সন্তোষৰ এটা ৯ বছৰীয়া পুত্ৰ আছে, যাক পঞ্চমীয়ে ক্ৰীড়াবিদ হিচাপে লালন-পালন কৰাৰ লক্ষ্য লৈছে ।”প্ৰতিবাৰেই ঘৰলৈ গ’লেই মোৰ ভতিজাটোৱে মোৰ প্ৰশিক্ষণৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে । এতিয়া তাৰ বয়স মাত্ৰ ৯ বছৰ, আৰু মই বিচাৰো যে তেওঁ এজন খেলুৱৈ হওক।” ধেমাজিৰ বাটঘৰিয়া স্প’ৰ্টছ ক্লাবত কেইজনমান বন্ধুৰ পৰা পঞ্চমীয়ে এই ক্ৰীড়া গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। অতি সোনকালে গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বাবে ট্ৰায়েল ক্লিয়াৰ কৰি ২০১৭ চনত স্থান লাভ কৰে । কিন্তু প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ আগতেই ক’ভিড-১৯ৰ সংক্ৰমণ ঘটিল। প্ৰথম পৰ্যায়ৰ লকডাউনৰ শেষত পঞ্চমীয়ে গুৱাহাটীলৈ ঘূৰি গ’ল যদিও পুনৰ বাটঘৰিয়া ক্লাবত প্ৰশিক্ষণ ল’ব লগীয়া হ’ল। পঞ্চমীৰ আদৰ্শ অলিম্পিকত ৰূপৰ পদক বিজয়ী মিৰাবাই চানু।‌

একেটা ওজন শিখাত প্ৰতিদ্বন্দ্বিতা কৰা বাবে মিৰাবাই চানুৰ মুখামুখি হোৱাৰ সম্ভাৱনাত উৎফুল্লিত হৈ পৰিছে পঞ্চমী।‌ ছিনিয়ৰ পৰ্যায়ত তেওঁৰ লক্ষ্য কমনৱেলথ গেমছত প’ডিয়াম ফিনিছ কৰা। তেওঁ কয়, “প্ৰথম লক্ষ্য কমনৱেলথ গেমছত সোণ জয় কৰা, কিয়নো মই এটা এটাকৈ খোজ দিয়াটো পছন্দ কৰো।”

Leave A Reply